বঙাইগাও জিলাৰ যোগীঘোপাত প্লাষ্টিক প্ৰদূষণৰ সজাগতাৰে মেগা স্বাস্থ্য মেলা

bgn

বঙাইগাঁওঃ

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ গোবিন্দ মেম’ৰিয়েল হাইস্কুলত আজি এক মেগা স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয় ৷ জিলাখনৰ বইটামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই স্বাস্থ্য সেৱা শিবিৰ মুকলি কৰে দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৱে৷ উদ্বোধনী অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, বিদ্যালয় পৰিদৰ্শক ছাদুল্লা খান, জিলা শিশু সুৰক্ষা বিষয়া মুস্তাফা হুছেইন, উত্তৰ শালমৰা আৰু অভয়াপুৰীৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া মুস্তাফিজুৰ ৰহমান, বইটামাৰী আদৰ্শ চিকিৎসায়ৰ উপ-অধীক্ষক জি চি ৰয়, যোগীঘোপাৰ পঞ্চায়ত সভাপতি  চফিউৰ ৰহমান আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে স্বাস্থ্য বিভাগৰ আঁচনিসমূহৰ উদ্দেশ্য ব্যাখ্যা কৰি ইয়াৰ সুবিধা ল'বলৈ ৰাইজক আহ্বান জনায় ৷ সেইদৰে জিলা শিশু সুৰক্ষা বিষয়া মুস্তাফা হুছেইনে বাল্যবিবাহ আৰু কিশোৰী গৰ্ভধাৰণৰ সমস্যাৰ ওপৰত আলোকপাত কৰে৷

bgnআনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোৰ পানীৰ নমুনা পৰীক্ষা কৰে৷ উল্লেখ্য যে মূলতঃ প্লাষ্টিক প্ৰদূষণৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্য লৈ আজিৰ মেগা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়৷ কোনো কামতে প্লাষ্টিক ব্যৱহাৰ নকৰাকৈ এই শিবিৰ অনুষ্ঠিত কৰা হয়৷ এই শিবিৰৰ জৰিয়তে অঞ্চলটোৰ মুঠ ১,৩৪৪ গৰাকী লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বাবে ষ্টল প্ৰদৰ্শন কৰাৰ লগতে মাইক যোগে প্ৰচাৰ চলোৱা হয়৷

Your Comments