নৰেন শৰ্মা,বাহাৰঘাট :
নলবাৰীৰ বৰভাগত আৰ্থিক দৈন্যতাৰ এখনি কৰুণ ছবিয়ে ম্ৰিয়মান কৰি তুলিছে ৰাইজক। সদ্যোজাত সন্তানক আৰ্থিক দৈন্যতাৰ কাৰণেই তুলি দিলে আনৰ হাতত। চৰকাৰে দৰিদ্ৰ জনতাৰ বাবে বিভিন্ন অভিলাষী আঁঁচনি ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে জিলাখনৰ ৰণাকুছি গাওঁত কেৱল মাত্ৰ আৰ্থিক অভাৱৰ বাবেই এহাল দম্পতীয়ে নিজৰ সদ্যোজাত সন্তানক আনৰ হাতত তুলি দিয়াৰ এক কৰুণ ঘটনাই সকলোকে হতচকিত কৰি তুলিছে । বিগত সপ্তাহৰ মংগলবাৰে ৰণাকুছিৰ উমেশ কলিতা আৰু কল্পনা কলিতাৰ এটি পুত্ৰ সন্তান জন্ম পাইছিল নলবাৰী চিভিল হস্পিতালত । কিন্তু আৰ্থিক দীনতাই অনবৰতে খেদি ফুৰা পৰিয়ালটোৰ বাবেই যেন সদ্যোজাত দুই কেজি চাৰিশ গ্ৰাম ওজনৰ কেঁঁচুৱাটি হৈ পৰিল এক বোজা। সেয়ে তেওঁলোকে ল'বলগীয়া হ'ল এটি অতি কঠোৰ তথা কৰুণ সিদ্ধান্ত ।দম্পত্তীহালে কেচুৱাটিৰ মাতৃ কল্পনা কলিতাক মেডিকেলত আলপৈচান ধৰা তথা সহায় কৰা সৰ্থেবাৰীৰ দিপীকা ঠাকুৰীয়া নামৰ এগৰাকী মহিলাৰ হাততে গতাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে,আৰু পৰৱৰ্তী পৰ্যায়ত এই কাম সম্পন্নয়ো কৰে ।উল্লেখ্য যে সৰ্থেবাৰীৰ দিপীকা ঠাকুৰীয়া আৰু কুলজ্যোতি ঠাকুৰীয়া এহাল নিঃসন্তান দম্পতী ।নলবাৰীত এই ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ কৰাৰ সমান্তৰাল ভাৱে সমাজত একাংশ লোকে কেনে পৰ্য্যায়ৰ আৰ্থিক দৈন্যতাত ভোগী আছে তাৰেই এখন জীয়া ছবিকেই যেন এই ঘটনাই প্ৰকাশ কৰিছে ।
- Log in to post comments
- 35 views