চৰাইদেউ জিলাত পথ সুৰক্ষা সমিতিৰ সভা সম্পন্ন

saraideo

চৰাইদেউৰ পৰা ঘন বৰাৰ প্রতিবেদন :

চৰাইদেউ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাখন অলপতে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত অতিৰিক্ত উপায়ুক্ত দীপক কুমাৰ ভূঞাৰ তত্বাৱধানত সম্পন্ন হয়। সভাত উপস্থিত থাকি অংশ গ্ৰহণ কৰে চৰাইদেউ জিলা পৰিবহন বিষয়া ভাস্কৰ জ্যোতি দত্ত, যান বাহন পৰিদৰ্শক ধনঞ্জয় শইকীয়া, উপ আৰক্ষী অধীক্ষক বংশীধৰ বৰা, আবকাৰী উপ অধীক্ষক সঞ্জীৱ শইকীয়া, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা° নৃপেন বৰুৱা, জনসংযোগ বিষয়া জয়ন্ত মাউতৰ লগতে গড়কাপ্টানী গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া সকলে। উক্ত সভাত পথ দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰক সমুহ আৰু এই কাৰক সমুহ হ্ৰাস কৰাৰ পৰিকল্পনা, দূৰ্ঘটনাত আঘাত প্ৰাপ্ত ব্যক্তিক তৎকালীনভাৱে চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়ত জৰুৰীকালীন সেৱা স্থাপন কৰা, বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান সমুহত পথ নিৰাপত্তাৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদেশ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা আৰু চৰাইদেউ জিলাৰ সদৰ সোণাৰিক কেন্দ্ৰ কৰি বৰ্তমানে চলি থকা ইলেট্ৰনিক ৰিক্সা সমুহৰ বাবে নিৰ্দিষ্ট গতিপথৰ ব্যৱস্থা কৰা সন্দৰ্ভত আলোচনা কৰা হয়।

Your Comments