সোণাৰিৰ ছেইণ্ট যোছেফ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰঙ্গৰাজন মহনৰ মৃত্যুৰ প্ৰতিবাদত আজি অৱস্থান ধৰ্মঘট পালন কৰে তিনিটাকৈ জাতীয় সংগঠনে ।
আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্র সন্থা চমুকৈ আটাছুৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত হয় এই প্ৰতিবাদী কাৰ্যসূচী ।
কণমানি ৰঙ্গৰাজন মহনৰ মৃত্যুৰ ন্যায়িক তদন্তৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান, মৃতকৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ আৰু প্ৰয়াত ছাত্ৰজনৰ স্মৃতিত বিদ্যালয়ৰ প্ৰাঙ্গণত এটা আৱক্ষ মূৰ্তি স্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই ।
- Log in to post comments
- 7 views