কমাৰবন্ধাত উজনি অসম সাঁচি কৃষক আৰু ব্যৱসায়ী সন্থাৰ ৰাজহুৱা সভা 

golaghat

গোলাঘাটৰ পৰা মুন বৰাৰ প্রতিবেদন :

দেওবাৰে গোলাঘাট জিলাৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম সাঁচি কৃষক আৰু ব্যৱসায়ী সন্থাৰ আহ্বানত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'য়।  উজনিৰ বিশেষকৈ গোলাঘাট,যোৰহাট আৰু শিৱসাগৰ জিলাত সাঁচি খেতিৰ বিশেষ প্ৰাধান্য থকাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ কেবিনেট কমিটিৰ প্ৰস্তাৱিত আন্তজাৰ্তিক বাণিজ্য কেন্দ্ৰ গোলাঘাটত স্থাপনৰ প্ৰস্তাৱক আঁদৰণি জনাই  উজনি অসম সাঁচি কৃষক আৰু ব্যৱসায় সন্থাই। যদিও বৰ্তমানলৈকে কোনো অধিসূচনা জাৰি নোহোৱাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে  গোলাঘাটৰ স্থায়ী বাসিন্দা ভূমিপুত্ৰ আৰু খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলৰ স্বাৰ্থ, অধিকাৰ, অস্তিত্ব আৰু প্ৰভূত্ব ৰক্ষাৰ দাবী তোলে।  থলুৱা অসমীয়া কৃষক আৰু ব্যৱসায়ী সকলৰ স্বাৰ্থত  অনুষ্ঠিত হোৱা এই  বিশাল ৰাজহুৱা সভাত  প্ৰায় হাজাৰোৰ্ধ সাঁচি কৃষক আৰু ব্যৱসায়ীয়ে অংশ লয়। সভাত সন্থাৰ লগতে উপস্থিত সকলোৱে থলুৱা কৃষক আৰু ব্যৱসায়ী সকলৰ স্বাৰ্থক সুৰক্ষিত কৰিবলৈ  চৰকাৰক আহ্বান জনায়। আহ্বায়কমণ্ডলীৰ হৈ ব্যৱসায়ী ৰুস্তম বৰাই আঁত ধৰা সভাখনি সভাপতিত্ব কৰে কমাৰবন্ধাৰ বিশিষ্ট ব্যক্তি যোগেন শইকীয়াই। বিশিষ্ট অতিথিৰ ৰূপত অংশ গ্ৰহণ কৰে সন্থাৰ উপদেষ্টা চিফট্ আলি চিদ্দিকি ,উপসভাপতি ৰমেশ শইকীয়া, সম্পাদক মহম্মদ চাইদুল হুছেইন , বিশিষ্ট অধিবক্তা জয়ন্ত  গোস্বামী আৰু আদৰ্শ কৃষক বঁটা প্ৰাপক দেৱজিৎ গগৈয়ে। সাঁচি খেতিৰ সম্পৰ্কত বিশদ আলোচনা আগবঢ়াই বৰ্ষাৰণ্য প্ৰতিষ্ঠান যোৰহাটৰ গৱেষক সমন্বয়ক ড° ৰাজীৱ কুমাৰ বৰাই।

Your Comments