ভাদমহীয়া নাম প্ৰসংগৰ অন্ত : নিজম পৰিল ঐতিহাসিক আঠখেলীয়া নামঘৰ 

golaghat

গোলাঘাটৰ পৰা মুন বৰাৰ প্রতিবেদন :

ভাদমহীয়া ভক্তিৰসেৰে মুখৰিত হৈ থকা পবিত্র স্থান আঠখেলীয়া নামঘৰৰ বাকৰি ভাদ মাহৰ সামৰণিৰ লগে লগে কিছু নিজম পৰিল।ভাদ মাহ উপলক্ষে বিগত এমাহ ধৰি ৰাজ্যখনৰ লগতে বৰ্হিৰাজ্যৰ পৰাও এই নামঘৰলৈ হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমণ হ'য়। ইয়াকে লৈ বিগত এমাহজুৰি সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈ আছিল।gola2

দেওবাৰে পবিত্র ভাদ মাহৰ অন্তিম দিন হিচাপে পুৱাৰে পৰা নামঘৰলৈ ভক্তগণৰ লানি নিচিগা সোত বয়। হেজাৰ হেজাৰ লোকে এই পবিত্ৰ স্থানত মূৰ দোৱাই বছৰটোৰ কুশল -মঙ্গলৰ  বাবে প্ৰাৰ্থনা জনায়।।

Your Comments