বাহাৰঘাটৰ পৰা নৰেণ শৰ্মাৰ প্রতিবেদন :
বৰভাগ অঞ্চলটো কেৱল নলবাৰী জিলাৰ ভিতৰতে নহয় , সমগ্ৰ অসমতে ইয়াৰ এক সুকীয়া পৰিচয় আছে ৷ বৰভাগ মহাবিদ্যালয়ে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে ৷ সমগ্ৰ অসমত এইদৰে যিবোৰ শিক্ষানুষ্ঠানে ৰূপালী জয়ন্তী অথবা সোণালী জয়ন্তী বৰ্ষ গৰকিছে,সেই শিক্ষানুষ্ঠানবোৰক আদৰ্শ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিব লাগে ৷ ছাত্ৰ-ছাত্ৰী সকলক কোনো কাৰণতে পৰীক্ষাগাৰৰ গিনিপিগ হিচাপে গঢ়ি তুলিব নালাগে ৷ এইক্ষেত্ৰত বৰ্তমান শিক্ষাব্যৱস্থা, পাঠ্যক্ৰম আৰু পৰীক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে ৷ পৰীক্ষাত প্ৰাপ্ত নম্বৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক হতাশ কৰাৰ সলনি সৰ্ব্বদিশতে উৎসাহ দিব লাগে ৷ নলবাৰী জিলাখনক শৈক্ষিক "হাব" হিচাপে ৰূপান্তৰ কৰাৰ প্ৰয়োজন আছে , যাৰদ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পাৰে -এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ৷ আজি নলবাৰীৰ জিলাৰ বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী সমাৰোহৰ মুকলি সভাত ভট্টাচাৰ্যই কয় যে - যিসকল ছাত্ৰ ছাত্ৰী বাহিৰলৈ পঢ়িবলৈ যোৱাৰ সুবিধা নাপাই তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা অসমতে হ'ব লাগিব ৷ ভাল সুবিধা পালে অসমৰ ছাত্ৰ ছাত্ৰী বহু আগবাঢ়ি যাব পাৰিব৷ গুণোৎসৱ সম্পৰ্কত ভট্টাচাৰ্যই কয় যে গুণোৎসৱৰ ধাৰণাতো ভাল৷ কিন্তু গুণোৎসৱ কাৰ্যকৰী কৰণত ত্ৰুটি ৰৈ গৈছে৷
মহাবিদ্যালয় সমূহত যিদৰে নাকে মূল্যায়ন কৰে ঠিক তেনেদৰে বিদ্যালয় সমূহৰ বাবেওঁ নাকৰ পৰ্যায়ৰ নিচিনা বিদ্যালয় মূল্যাংকন আয়োগ গঠনৰ পৰামৰ্শ দিয়ে৷ ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে অসমত বৰ্তমান সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন হৈছে৷ আজিৰ নৱ প্ৰজন্মই লোকগীত, বৰগীত, বনগীত, বিহুগীত গাব নাজানে৷ লোক সংস্কৃতি সুৰক্ষিত কৰিব লাগিব আজিৰ নৱ প্ৰজন্মই৷ ছাত্ৰ ছাত্ৰী সকলে নিজৰ লোক সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ নিজেই কৰিব লাগিব ৷ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ লোক সংস্কৃতি আয়ত্ব কৰিব লাগিব ৷ অসমৰ প্ৰায়বোৰ ৰাজ্যতে ,৫০ হেজাৰ ছাত্ৰ ছাত্ৰীয়ে ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ সুবিধা পোৱাৰ বিপৰীতে অসমত মাত্ৰ এহেজাৰ ছাত্ৰ ছাত্ৰীয়েহে নামভৰ্তিৰ সুবিধা পায় ৷ তেওঁ আকৌ কয় যে অসম বিভিন্ন ঔষধি গছেৰে পৰিপূৰ্ণ ৷ ঔষধি গছৰ গৱেষণা প্ৰতিষ্ঠান এখনৰো প্ৰয়োজন আছে অসমত ৷ ঠিক সেইদৰে বানপানী প্ৰতিৰোধৰ বাবে অসমৰ নদী উপনদী সমূহৰ ক্ষেত্ৰতো এখন গৱেষণা প্ৰতিষ্ঠানৰ দৰকাৰ ৷ আৰু এই প্ৰতিষ্ঠান সমূহ আন্দোলন নকৰাকৈ হ'ব লাগে বুলি কয় ৷ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা সোণালী জয়ন্তী সামৰণী সমাৰোহ উদযাপন সমিতিৰ সভাপতি নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত দেওবাৰৰ এই মুকলি সভা উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই । সভাখনত অসমৰ উদ্যোগ, বাণিজ্য, পৰিবহন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে- মহাবিদ্যালয় এখন সৰ্বাংগসুন্দৰ হলে নহ'ব , ছাত্ৰ-ছাত্ৰীসকল বৌদ্ধিক দিশতো সুন্দৰ হ'ব লাগিব ৷ সভাত মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা বিশিষ্ট অঅতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে ৷ এই মুকলি সভাখনত স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসমৰ শিক্ষামন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ সন্ধিয়াৰ ভাগত আতছ বাজি প্ৰজ্বলন আৰু নিশা সাংস্কৃতিক সন্ধিয়াত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ"ব জুবিন গাৰ্গৰ সংগীত পৰিবেশনৰ জৰিয়তে বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণী সমাৰোহ কাৰ্যসূচীৰ অন্ত পৰে ৷
- Log in to post comments
- 56 views