মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
যিসময়ত ৰাজ্যৰ একাংশ শিক্ষিত যুৱকে কৰ্ম-সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলিছে,ঠিক একেটা সময়তে মাজুলীৰ শতাধিক যুৱকে নিজৰ
কৰ্ম-সংস্কৃতিৰ জৰিয়তে আৰ্থ -সামাজিক দিশত এক উদ্যোগ গ্ৰহণ কৰিছে। মাজুলী জিলাখনৰ ইমূৰৰ পৰা সিমূৰলৈ তিনিআলি-চাৰিআলি আদিসমূহত বৰ্তমানলৈকে প্ৰায় এশখন চেলুন খুলি নাপিতৰ বৃত্তিৰে স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে মাজুলীৰ শিক্ষিত এইসকল যুৱকে । উল্লেখ্য যে সৌসিদিনালৈকে অসমীয়া সমাজৰ যুৱকে এইবোৰ কৰ্ম- সংস্কৃতিৰ কথা ভাবিবই পৰা নাছিল অথবা বহি:ৰাজ্যৰ বিহাৰী,বঙালী সম্প্ৰদায়ৰ লোকেহে এই বৃত্তিত জড়িত বুলি ধাৰণা কৰি আহিছিল। কিন্তু ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা লোকৰ বাবে কৰ্ম-সংস্থাপন সৃষ্টি কৰাৰ চৰম ব্যৰ্থতা,মূল্যবৃদ্ধিয়ে আৰ্থ-সামাজিক দিশ জটিল কৰি তোলা তথা উদ্যোগবিহীন মাজুলীত এতিয়া চেলুন,মুচী আদিকে বৃত্তি হিচাপে লৈ এক অৰ্থনৈতিক আন্দোলন আৰম্ভ হোৱাটো অসমীয়া সমাজৰ বাবে এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে।যিসময়ত একাংশ অসমীয়া যুৱকে নিজৰ আপোন সমাজ ব্যৱস্থাৰ পৰা আঁতৰি গৈ বেংগালুৰু,কেৰেলা, মুম্বাই, হায়দৰাবাদ আদিলৈ গৈ বিভিন্ন কোম্পানীৰ সুৰক্ষা কৰ্মী হিচাপে কৰ্মৰত হৈ চৌবিশ ঘন্টাৰ ভিতৰত ওঠৰ ঘন্টাই কৰ্তব্য পালন কৰি মাহটোত পাৰিতোষিক হিচাপে লাভ কৰিছে সাতৰ পৰা পোন্ধৰ হাজাৰ টকা,সেই সময়তে মাজুলীৰ এই যুৱকসকলে নিজৰ চোতালতে কৰ্ম-সংস্কৃতিৰ জৰিয়তে অসমীয়াগিৰি আৰম্ভ কৰিছে। সম্প্ৰতি,এই যুৱকসকলৰ কৰ্মক দুগুণে উৎসাহ যোগাইছে মাজুলীবাসীয়ে । নাপিতৰ বৃত্তিত জড়িত হৈ চেলুন খুলি দৃষ্টান্ত প্ৰদৰ্শন কৰা শিক্ষিত যুৱকসকলৰ ভিতৰত ফুলনিৰ মহেন্দ্ৰ, গড়মুৰৰ দ্বীপেন, অনিল, মদন, মাইনা, গোবিন, বকুল, নৃপেন, পহুমৰাৰ মইনা, দেওদিআটীৰ বিজয়, পতিয়া গাঁওৰ বিপুল, ৰতনপুৰৰ সোনকণ, মালাপিন্ধাৰ বাবুল আদিকে ধৰি মুঠ শতাধিক যুৱক আছে।চেলুনত পুৱাৰ পৰা ভিৰ হয় বহু গ্ৰাহকৰ।এইসকল যুৱকে বহিৰাগতক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যেৰে ' মাজুলী অসমীয়া নাপিত সন্থা' নামেৰে সংগঠিত ৰূপত আত্মপ্ৰকাশ কৰিছে । কৰ্মৰ লগত জাত- পাতৰ বিচাৰ নকৰি থলুৱা বিভিন্ন বৃত্তিত আত্মনিয়োগ কৰি এইসকল যুৱকে স্বাৱলম্বনৰ নিদর্শন দাঙি ধৰাই নহয়,মাজুলীৰ গ্ৰাম্য অৰ্থনীতিলৈও আগবঢ়াইছে সবল অৱদান ।
- Log in to post comments
- 44 views