বঙাইগাঁওঃ
বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন বৈঠক শুকুৰবাৰে অনুষ্ঠিত হৈ যায় ৷ সমিতিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত বিয়লি ৪ বজাৰ পৰা নিশা ১০ বজালৈ এই মাৰাথন বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মাতৃ স্বাস্থ্য, শিশু স্বাস্থ্য, পৰিয়াল পৰিকল্পনা, আৰ.বি.এচ.কে, বিনামূলীয়া ৰোগ নিৰূপণ আঁচনি, মোবাইল মেডিকেল ইউনিট, নৌকা স্বাস্থ্য সেৱা, ১০৮ আৰু ১০২ সেৱা, ৰাষ্ট্ৰীয় মৌখিক স্বাস্থ্য আঁচনি, ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ প্ৰতিৰোধ আঁচনি, সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনি আৰু ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আঁচনিকে ধৰি স্বাস্থ্য বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰা হয় ৷ আনহাতে এই বৈঠকতে বঙাইগাঁও জিলাত গুৰুতৰ ৰূপ ধাৰণ কৰা কিশোৰী গৰ্ভধাৰণৰ সমস্যাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি জিলা উপায়ুক্ত খানে প্ৰতিটো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত কিশোৰী গৰ্ভধাৰণৰ সংখ্যা বেছি থকা ৫ খনকৈ গাঁও বাচনি কৰি এই গাঁওসমূহত বিশেষ সজাগতা অভিযান চলাবলৈ জিলা শিশু সুৰক্ষা বিষয়াক নিৰ্দেশ দিয়ে ৷ সেইদৰে অহা সপ্তাহৰ পৰা তেওঁ প্ৰতিটো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভ্ৰমণ কৰি জিলাৰ মুৰব্বীসকলৰ উপস্থিতিত খণ্ডসমূহৰ আঁচনি প্ৰৱন্ধক আৰু কৰ্মচাৰীসকলৰ সৈতে বহি আঁচনিসমূহৰ তৃণমূল পৰ্যায়ৰ ৰূপায়নৰ পৰ্যালোচনা কৰিব ৷
উল্লেখ্য যে পূৰ্বে জিলা উপায়ুক্তই জিলা পৰ্যায়তহে আঁচনিসমূহৰ ৰূপায়ণৰ বুজ লৈছিল যদিও খণ্ড পৰ্যায়ত পৰ্যালোচনা এইবাৰেই প্ৰথম ৷ পৰ্যালোচনা বৈঠকত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, সমিতিৰ সদস্য সচিব তথা যুটীয়া স্বাস্থ্য সেৱা সচিব ডাঃ ৰত্ন বসুমতাৰী, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা সমাজ কল্যাণ বিষয়া, জিলা শিশু সুৰক্ষা বিষয়া, জিলা আৰু খণ্ডসমূহৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ লগতে নৌকা ক্লিনিক, ভ্ৰাম্যমান চিকিৎসা গোট, ১০৮, ১০২ আদৰণিৰ কৰ্মচাৰীসকলে বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত উপায়ুক্তগৰাকীয়ে ঘৰত সন্তান প্ৰসৱ কৰোৱাৰ সংখ্যা হ্ৰাস কৰা আৰু সংকটজনক প্ৰসূতিসকলক চিনাক্ত কৰাৰ বাবে ঘৰত প্ৰসৱ কৰোৱা সংখ্যা বেছি থকা অঞ্চলসমূহত গাঁওৰক্ষী বাহিনী আৰু পঞ্চায়ত কৰ্মীৰ সহযোগত উপায়ুক্তগৰাকীয়ে নিজেই সজাগতা অভিযান চলোৱাৰ ঘোষণা কৰে৷
লগতে দিনত আৰু ৰাতি কৰা চিজাৰিয়ান আৰু স্বাভাৱিক প্ৰসৱৰ সবিশেষ বিশ্লেষণাত্মক প্ৰতিবেদন দাখিল কৰিবলৈ বঙাইগাঁও অসামৰিক চিকিৎসালয় আৰু অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰক তেঁও নিৰ্দেশ দিয়ে ৷ তেওঁ জিলাখনত স্বাস্থ্য সেৱাৰ মান অধিক উন্নত কৰাৰ বাবে সংশ্লিষ্ট সকলোকে দায়িত্বসহকাৰে কাম কৰি যাবলৈ আহ্বান জনায়৷ এই ক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা আৰু চৰকাৰী আবাসত নথকা চিৰিৎসক, নাৰ্ছসকলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱা হ’ব বুলিও ঘোষণা কৰে উপায়ুক্তগৰাকীয়ে ৷ ইতিমধ্যেই উপায়ুক্তৰ নিৰ্দেশত সকলো চৰকাৰী চিকিৎসালয়ত সময়মতে চিকিৎসক-নাৰ্ছৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনে অভিযান চলাইছে ৷ এই বৈঠকত মূলতঃ বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ কামকাজৰ পৰ্যালোচনা কৰা হয় ৷
- Log in to post comments
- 68 views