জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত টৌভঙা অঞ্চলৰ গোবিন কাৰ্কি ভৱনৰ প্ৰাঙ্গনত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত পৱিত্ৰ শ্ৰী শ্ৰী ভাগৱত জ্ঞান মহাযজ্ঞৰ শনিবাৰে সামৰণি পৰে। কাৰ্য্যসূচী মৰ্মে প্ৰথম দিনা পুৱা ৭ বজাত সকলো ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ ধৰ্মধ্বজা উত্তোলন কৰে । তাৰপিছত হাতীৰ পিছে-পিছে মহিলাসকলে প্ৰত্যেকেই এটা মাটিৰ কলহ শিৰত লৈ বৰুণ আহ্বান তথা জলযাত্ৰালৈ পৱিত্ৰ জীয়া ভৰলী নৈৰ পাৰলৈ বুলি পদযাত্ৰা আৰম্ভ কৰে । ইয়াৰ পিছতে ভক্তিভাৱেৰে পুজা অচৰ্নাৰ নিয়ম অনুসৰি পৱিত্ৰ ভাগৱত মণ্ডপত স্থাপন কৰি ভাগৱত পাঠৰ কাৰ্য্যসূচী আৰম্ভ কৰে । বিভিন্ন জনগোষ্ঠী ক্ৰমে অসমীয়া, নেপালী, মিচিং, বড়ো সম্প্ৰদায়ৰ লোকসকলে পৰিবেশন কৰা ডবা-শঙ্খ, খোল-বৰতাল, নাগাৰাৰ ধ্বনিৰ লগে লগে হৰি নামৰ ধ্বনিৰে দিনে-নিশাই তিনিদিন একেৰাহে ভাগৱত পাঠ মহাযজ্ঞ উদযাপন কৰে। অনুষ্ঠানটোৰ এটা কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপেও উপস্থিত থাকে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা । ভাগৱত জ্ঞান মহাযজ্ঞৰ লক্ষ্যবন্তি প্ৰজ্বলনত প্ৰজ্বলক হিচাপে উপস্থিত থাকি বিধায়ক পদ্ম হাজৰিকাই পৱিত্ৰ ভাগৱতৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে আৰতি সম্পন্ন কৰি কয় যে- "পৱিত্ৰ অনুষ্ঠানৰ জৰিয়তে সমাজৰ মাজলৈ এক শান্তিৰ বাৰ্তা কঢ়িয়াই আনক । ভাগৱত পাঠৰ দ্বাৰা সমস্ত মানৱ সমাজৰ লগতে সকলোৰে হিত হওক ।" উক্ত পৱিত্ৰ অনুষ্ঠানত কথা ব্যাখ্যা তথা প্ৰবচন পাঠ কৰে পণ্ডিত আচাৰ্য্য দেৱনায়ক অধিকাৰীয়ে । বিশেষভাবে সহায়-সহযোগ কৰে গোবিন কাৰ্কি, মালা দেৱি, গায়েত্ৰি দেৱি, গকুল ভণ্ডাৰী, সেৱন কাৰ্কি, মিনা দেৱি, সপন কাৰ্কি, ৰেস্মা দেৱি, সেমন্ত মেচ, প্ৰনবি মেচ, বাদল চেত্ৰীৰ লগতে পবন কাৰ্কিয়ে । এই সুন্দৰ ভক্তিমূলক অনুষ্ঠান আয়োজন কৰাৰ বাবে টৌভঙা অঞ্চলৰ যুৱ সমাজকৰ্মী গোবিন কাৰ্কিৰ লগতে তেওঁৰ পৰিয়ালবৰ্গক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে ।
- Log in to post comments
- 17 views