নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত গছপৰা জ্ঞানপীঠ জাতীয় বিদ্যলয়ত শনিবাৰে এটি শিশু পুথিভঁড়াল মুকলিকৰা হয় । শিশু পুথিভঁড়ালটো মুকলি কৰে নব্বৈৰ দশকত মধ্য অসমত জাতীয় বিদ্যালয় স্থাপনত গুৰুত্ব প্ৰদান কৰি আগ-ভাগ লোৱা মধ্য অসম জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ প্ৰাক্তন সম্পাদক তথা শিশুবন্ধু দুলাল বৰাই । অনুষ্ঠানত 'গীত-মাত, ৰং আৰু সাধুৰ ধেমালি' শীৰ্ষক অনুষ্ঠানটোৰ শুভ উদ্ধোধন কৰেৰাছিয়া, ইজিপ্ত, ভিয়েটনাম, ডুবাই, গ্ৰীচ , থাইলেণ্ড, আমেৰিকা আদি বাইশখন দেশলৈ গৈ সেই দেশসমূহৰ শিল্প ৰসিকসকলৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'চিত্ৰশিল্প'আৰু 'পুথি চিত্ৰ'ৰ চিত্ৰ অংকনৰে চিনাকী কৰি দিয়া নগাঁৱৰে চিত্ৰশিল্পী সুজিত দাসে । জ্ঞানপীঠ জাতীয় বিদ্যলয়ৰ অধ্যক্ষ কেশৱানন্দ কাকতি আৰু জ্যেষ্ঠ শিক্ষক পদুম নাথে সঞ্চালনা কৰা গীত-মাত, ৰং আৰু সাধুৰ ধেমালিৰ অনুষ্ঠানটোত দুই শতাধিক শিশুয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিশুৰ হাতত একোখনকৈ শিশু পুথি তুলি দি শিশু বন্ধু দুলাল বৰাই কয় যে কিতাপ পঢ়ি জগতখন চিনিব পাৰি আৰু কিতাপ পঢ়ি জগত জয় কৰিব পাৰি। গতিকে আমাৰ শিশুসকলে যিমান পাৰে সিমান কিতাপ পঢ়ক। অভিভাৱকসকলেও নিজৰ সন্তানসকলক বিদ্যালয়ৰ পাঠ্যপুথিৰ উপৰি বছৰটোত কমেও কুৰি খন কিতাপ বিচাৰি আনি পঢ়িবলৈ দিয়াৰ আহ্বান জনায়। তেতিয়াহে আমাৰ সমাজত ব্যাপক ৰূপ ধাৰণ কৰা যুৱ উচ্ছৃংখলতা দূৰ হ'ব বুলি তেওঁ কয়।ইফালে,আন্তৰ্জাতিক খ্যাতিসম্পন্ন চিত্ৰশিল্পী সুজিত দাসে কয় যে চিত্ৰকৰৰ চিত্ৰৰ ভাষা বিশ্ববাসীয়ে বুজে। বিশ্ববাসীক ছবিৰে মনৰ ভাব বুজাব পাৰি বুলি বক্তব্য ডাঙি ধৰাৰ লগতে শিশুসকলক ছবি অঁকা আৰু ছবিৰ কোন অংশত কি ৰং সানিলে ছবি একোখন দেখিবলৈ ধুনীয়া হ'ব ,তাৰ শিক্ষা প্ৰদান কৰে। শিশুৰ এই অনুষ্ঠানত বিচিত্ৰা দেৱী, পূজামণি দেৱী, নিপা দেৱী, ৰাজশ্ৰী দাস, পাহী দাস, ৰিকী ছেত্ৰী, শিক্ষক পদুম নাথ আদি শিশুৰ লগতে শিশুসকলে সমবেত সংগীতো পৰিৱেশন কৰে। অনুষ্ঠানত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগতে শতাধিক অভিভাৱকে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 87 views