প্ৰকাশিত এনআৰচিক লৈ সুখী নহয় অগপ:পুনৰীক্ষণ বিচাৰি কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ

agp

নিউজ ডেস্ক:
প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকাক লৈ সুখী নহয় অসম আন্দোলনৰ বুকুত জন্ম লাভ কৰা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ।উল্লেখ্য যে দেওবাৰে দলটোৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছিল এক বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক।দলটোৰ প্ৰায় সংখ্যক জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰা উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহকত স্থান পায় যোৱা ৩১আগষ্টত প্ৰকাশিত চূড়ান্ত এনআৰচিৰ প্ৰসংগই। তাৰ পিছতে বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকখনতে প্ৰকাশিত এনআৰচিৰ সন্দৰ্ভত গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 

সেই অনুসৰি বৰ্তমান প্ৰকাশিত এনআৰচিত ৰৈ যোৱা ভুলসমূহ শুদ্ধ কৰাৰ বাবে পুনৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ অগপৰ কেন্দ্ৰীয় নেতৃত্বই ভাৰতৰ উচ্চতম ন্যায়ালয়ক আবেদন জনাব।

ইয়াৰ উপৰিও যিসকল প্ৰকৃত ভাৰতীয় নাম এনআৰচিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হোৱা নাই, সেইসকলক আইনী সাহায্য আগবঢ়োৱাৰ বাবে আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।লগতে এই আইনী সাহায্য প্ৰদান কৰাৰ বাবে জিলা, সমষ্টিভিত্তিত আইনী কোষ গঠন কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা দলটোৱে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰিছে।

উল্লেখ্য যে ৩১আগষ্টত প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰিছিল ১৯,০৬,৬৫৭গৰাকীৰ।

Your Comments