চন্দ্রপৃষ্ঠত অৱতৰণৰ পূৰ্বেই 'চন্দ্ৰযান-২'ৰ লেণ্ডাৰ 'বিক্ৰম'ৰে সম্পর্ক ছিন্ন ইছৰ'ৰ : লক্ষ্যত উপনীত হোৱাত ব্যৰ্থতা

chandajan

নিউজ ডেস্ক:
চন্দ্রপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কি:মি: থাকোতে ইছৰ'ৰ সৈতে যোগাযোগ ছিন্ন হ'ল 'চন্দ্ৰযান-২'ৰ লেণ্ডাৰ 'বিক্ৰম'ৰ।চন্দ্রপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কিছু সময় পূৰ্বে বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় ইছৰ'ৰ।ইয়াৰ ফলত 'চন্দ্ৰযান-২' অভিযানৰ মূল লক্ষ্যত উপনীত হ'ব পৰা নহ'ল।ইফালে,অভিযান সফল নোহোৱাৰ বাবে নিৰাশ হৈ পৰে ইছৰ'ৰ বিজ্ঞানীসকল।এই সন্দৰ্ভত ইছৰ'ৰ অধ্যক্ষ কে শিৱানে কয় যে তথ্যৰ বিশ্লেষণ কৰি থকা হৈছে।উল্লেখ্য যে বিক্ৰমৰ লেণ্ডিঙৰ ঐতিহাসিক ক্ষণ প্ৰত্যক্ষ কৰিবলৈ ইছৰ'ৰ বেংগালুৰুৰ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত আছিল।

Your Comments