চাহ শ্ৰমিকৰ সন্তানে অধ্যয়ন কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰ্বাচিত ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটাৰ বাবে

kirti xikhak

নিউজ ডেস্ক : 

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰিলে ২০১৯বর্ষ ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটা। ২০১৯বর্ষ ৰাজ্যিক কীৰ্তি শিক্ষক বঁটাৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিৰ্বাচিত কৰিছে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াক। অহা ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা অসম চৰকাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  প্ৰধান শিক্ষক শইকীয়াক আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব এই বঁটা।

ইফালে ৰাজ্যিক কীৰ্তি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে গোলাঘাট কমাৰগাঁও নিৰ্বাসী প্ৰধান শিক্ষক মহেন শইকীয়াই নিউজ এছ এনৰ আগত কয় "মোৰ শিক্ষকতাৰ জীৱন আৰম্ভ হৈছিল নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত ১৯৯২চনত। তাৰ পাছৰে পৰা বৃহত্তৰ নুমলীগড় অঞ্চলক সাঙুৰি থকা একমাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়খন আগবঢ়াই নিয়াৰ বাবে সদায় প্ৰচেষ্টা চলাই আহিছোঁ।প্ৰত্যেক দিনে ছাত্ৰ-ছাত্ৰী সকলক ভাল মানুহ কৰাৰ বাবে চেষ্টা চলাইছোঁ সেইবাবেই হয়তো আজি মই এই বঁটাৰ বাবে নিৰ্বাচিত হৈছোঁ"। লগতে তেওঁ কয় এই বঁটাৰে তেওঁক ভৱিষ্যত দিনসমূহত সমাজ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি অধিক দ্বায়িত্বশীল কৰি তুলিব।

আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে বিদ্যালয়খনৰ সহকাৰী শিক্ষক হৈ থকাৰ অৱস্থাত ২০১৭চনত মহেন শইকীয়াই জিলা পয্যায়ত কীৰ্তি শিক্ষক বঁটাৰে সন্মানিত হৈছিল।তাৰ পাছত প্ৰধান শিক্ষক হিচাপে তেওঁ পুনৰ ৰাজ্যিক কৃত্তি শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱাত এতিয়া বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোত দেখিবলৈ পোৱা গৈছে এক আনন্দমুখৰ পৰিৱেশ।

উল্লেখৰ বিষয় এইয়ে যে যি সময়ত চাহ বাগিচা অঞ্চলৰ চৰকাৰী বিদ্যালয় সমূহত শিক্ষক-শিক্ষত্ৰীয়ে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে পাঠদান নকৰে বুলি অভিযোগ উথাপন হৈ আহিছে সেই সময়তে ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা প্ৰধানশিক্ষক মহেন শইকীয়াই নুমলীগড় অঞ্চলৰ প্ৰায় চাৰিখনকৈ চাহ বাগিচাৰ শ্ৰমিক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিয়েই আজি ৰাজ্যিক কৃতী শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

ইফালে শিক্ষক দিৱসৰ দিনা প্ৰধান শিক্ষক শইকীয়াই নিজ হাতে এই বঁটা মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিছে।

Your Comments