স্বাধীনতা মূল্যহীন, অসমৰ প্ৰতি অবিচাৰ অব্যাহত : অসম সন্মিলিত মহাসংঘ

স্বাধীনতা মূল্যহীন, অসমৰ প্ৰতি অবিচাৰ অব্যাহত : অসম সন্মিলিত মহাসংঘ

অসম ভাৰতৰ অংগ হোৱা সত্ত্বেও অসমৰ প্ৰতি ভাৰত চৰকাৰে কৰি থকা অন্যায়-অবিচাৰে অসমৰ জনগণৰ বাবে স্বাধীনতা মূল্যহীন কৰি তুলিছে বুলি এক বিবৃতিৰ জৰিয়তে সংবাদ মাধ্যমক জানিবলৈ দিয়ে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ।

অসমত ভাৰত চৰকাৰে সংবিধান উলংঘা কৰি ১৯৫১ চনৰ পৰিৱৰ্তে ১৯৭১ চন ভাৰতীয় নাগৰিকৰ ভিত্তি বছৰ কৰা কাৰ্যই অসমৰ প্ৰতি পক্ষপাতমূলক আচৰণ কৰাৰ অন্যতম উদাহৰণ ।

সংবিধানৰ ৩৭০ ধাৰাৰ অধীনত অসমক বৈদেশিক আগ্ৰাসনৰ পৰা ৰক্ষা কৰাটো চৰকাৰৰ এৰাব নোৱাৰা দায়িত্ব । অথচ এই দায়িত্ব পালন নকৰাৰ ফলত অসম আজি অবৈধ বিদেশীৰ বিচৰণ ভূমিত পৰিণত হৈছে ।

উচ্চতম ন্যায়ালয়ত গোচৰ তৰিবলগীয়া হৈছে বিদেশী বহিষ্কাৰৰ বাবে । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ চুড়ান্ত নকৰাকৈ দুজনীয়া বিচাৰপীঠৰ দ্বাৰা ১৯৭১ চনৰ ভিত্তিত নাগৰিকপঞ্জী উন্নীত কৰা কাৰ্য ভাৰতীয় ন্যায় ব্যৱস্থাৰ চূড়ান্ত প্ৰহসন ।

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (১৯৫৮)ৰ অধীনত বাচ-বিচাৰ নোহোৱাকৈ সন্দেহতে অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক হত্যা কৰাটোও স্বাধীনতাৰেই নামান্তৰ বুলি ৰহমানে গভীৰ আক্ষেপেৰে বিবৃতিটোত উল্লেখ কৰে ।

অসমৰ আন্দোলনৰ সময়ৰ পৰাই ভাৰত চৰকাৰৰ এনে দুৰ্ভাগ্যজনক আচৰণৰ বাবে অসমত স্বাধীনতা দিৱস খিলঞ্জীয়া জনগণৰ বাবে মূল্যহীন হৈছে বুলি অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি ৰাকীয়ে উল্লেখ কৰে ।
 

Your Comments