ৰাজ্যৰ বান বিধ্বস্তলৈ সাহায্য আগবঢ়াব ইন্টাৰনেচনেল ফেডাৰেচন ৰেডক্ৰছ এণ্ড ৰেডক্ৰিচেণ্ট ছ'চাইটিয়ে

redcross

নিউজ ডেস্ক:

ৰাজ্যৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকক সহায় কৰাৰ বাবে 'ইণ্টাৰনেচনেল ফেডাৰেছন ৰেডক্ৰছ এণ্ড ৰেডক্ৰিচেন্ট ছ'চাইটি'য়ে অতি শীঘ্ৰে অসমলৈ আগবঢ়াব সাহায্য পুঁজি।আপদকালীন দুৰ্যোগ সাহায্য পুঁজিৰ জড়িয়তে ছ'চাইটিয়ে আগবঢ়াব লগা সাহায্যৰ বাবে ইতিমধ্যে সকলো যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰিছে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটীৰ অসম ৰাজ্যিক শাখাই।এই কথা জানিবলৈ দিছে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি অসম ৰাজ্যিক শাখাৰ সাধাৰণ সম্পাদক দিগন্ত বুজবৰুৱাই। লগতে তেওঁ এই কথাও জানিবলৈ দিছে যে  সাহায্য পুঁজি প্ৰদান কৰাৰ বাবে ইতিমধ্যে 'ৰেডিক্ৰছ এছিয়াৰ স্পেচিফ কমিউনিকেচন'ৰ দায়িত্বত থকা প্ৰতিনিধি কেৰলীন হাগাই অসমত ২ আগষ্টৰ পৰা ৪ আগষ্টলৈকে মৰিগাঁও,ধুবুৰী,বিলাসীপাৰা ভ্ৰমণ কৰি বানৰ জটিল পৰিস্থিতিৰ  বুজ লয়।লগতে, এই ভয়াৱহ বানৰ সকলো জৰীপ তেওঁ লগত লৈ যায়। 

ইফালে,গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ অসম ৰাজ্যিক শাখাৰ সাধাৰণ সম্পাদক দিগন্ত বুজবৰুৱাই বানত ক্ষতিগ্ৰস্ত হোৱা ধেমাজি,লখিমপুৰ, মাজুলী,মৰিগাঁও আৰু ধুবুৰীত অহা ৭ আগষ্টত প্ৰথম পৰ্যায়ত ২৫০০টা বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক 'পৰিয়াল টোপোলা' সাহায্য হিচাপে প্ৰদান কৰিব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে।লগতে তেওঁ কয় এই 'পৰিয়াল টোপোলা'সমূহত খোৱাবস্তুৰ বাদে এখন ঘৰ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত নতুনকৈ ঘৰখন পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সামগ্রীসমূহ থাকিব।তাৰ ভিতৰত পাকঘৰৰ কিছু সামগ্ৰীও থাকিব। 

তেওঁ জানিবলৈ দিয়া অনুসৰি প্ৰথম পৰ্যায়ত সম্পূৰ্ণ ঘৰ-দুৱাৰ বিধ্বস্ত হোৱা,মহিলাই ঘৰ পৰিচালনা কৰা আৰু বিশেষভাৱে সক্ষম ব্যক্তিয়ে যিসমূহ ঘৰ পৰিচালনা কৰিছে,তেনে বানাক্ৰান্তসকলক এই সাহায্যৰ বাবে নিৰ্বাচিত কৰা হৈছে।

ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে বানত বিধ্বস্ত জনসাধাৰণে যাতে বিশুদ্ধ খোৱাপানী পায়,তাৰ বাবে মৰিগাঁও জিলাৰ দুখন গাঁৱত ১৬ হাজাৰ পৰিয়ালৰ সহায় হোৱাকৈ দুটাকৈ পানী বিশুদ্ধকৰণ ইউনিট আজিৰে পৰা আৰম্ভ হৈছে।

ইফালে,দেওবাৰৰ এই সংবাদমেলত অসমৰ বান জৰীপ কৰাৰ বাবে আন্তৰাষ্ট্ৰীয় ছ'চাইটিৰ হৈ অসমলৈ অহা যোগাযোগ প্ৰতিনিধি কেৰলীন হাগাও উপস্থিত থাকে। তেওঁ ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিয়ে বিপদৰ সময়ত অসমৰ দুৰ্গত ৰাইজৰ কাষত থিয় দিয়া কাৰ্যক প্ৰশংসা কৰে।লগতে কয় যে অসমৰ ভয়াৱহ বান পৰিস্থিতিক আন্তৰ্জাতিক প্ৰচাৰ মাধ্যমেও গুৰুত্ব দিছে।

Your Comments