উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ গণহত্যা: নিহতৰ প্ৰতিটো পৰিয়ালকে ১০ লাখ টকাকৈ দিলে প্ৰিয়ংকা গান্ধীয়ে

priyamka

নিউজ ডেস্ক:
উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ ওম্ভা গাঁৱত যোৱা ১৭ জুলাইত সংঘটিত নৰসংহাৰৰ ঘটনাত নিহত ১০ গৰাকী লোকৰ পৰিয়াললৈ ১০-১০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে কংগ্ৰেছ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে।লগতে গুৰুতৰভাৱে আহতসকলৰ পৰিয়াললৈ ১-১ লাখ টকাৰ সাহায্য আগবঢ়াই।উল্লেখ্য যে প্ৰিয়ংকা গান্ধীয়ে পীড়িতৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।ইতিমধ্যে, পীড়িতৰ পৰিয়ালসমূহক আৰ্থিক সাহায্যৰ চেকসমূহ প্ৰদান কৰা হৈছে।priyanka2


সোণভদ্ৰাত  এজন গ্রাম প্ৰধানৰ গুণ্ডা বাহিনীয়ে গাঁওবাসীৰ ওপৰত গুলী চলোৱাত ১০ গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছিল।

Your Comments