ধিংৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ: গোচৰ ৰুজু 

laharighat

লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্রতিবেদন :
নগাঁও জিলাৰ ৮৩ নং ধিং বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে মাটি বেদখল কৰাৰ অভিযোগ। ১৯৯১ চনত ৮৩ নং ধিং বিধান সভা সমষ্টিৰ পৰা জয়ী হোৱাৰ পিছত পুনৰ ক্ষমতাৰ লোভত দল বাগৰি - বাগৰি কেইবাৰো নিৰ্বাচনত অৱতীৰ্ণ হৈ মুখ থেকেচা খোৱা মজিবুৰ ৰহমানৰ বিৰুদ্ধে শেহতীয়াভাবে উত্থাপিত হৈছে জালিয়াতিৰে লোকৰ ভূমি বেদখল কৰাৰ অভিযোগ। প্ৰাক্তন বিধায়ক জনৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে বৃহত্তৰ মৈৰাবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছে। অভিযোগ অনুসৰি মজিবুৰ ৰহমানে মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত মৈৰাবাৰী টাউন কিছামতৰ ম্যাদি পাট্টা নং ৪৫,দাগ নং  ১২২ ৰ  আনিচুৰ ৰহমান, ৰাবেয়া খানম আৰু ৰীতা খানমৰ নামত থকা ৪ কঠা ম্যাদী মাটি ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি বলপূৰ্বক ভাৱে বেদখল কৰে। আনকি কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে  উক্ত বেদখলীকৃত মাটিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ো স্থাপন কৰে ।ৰহমানে বক্র পথেৰে উল্লেখিত পাট্টাৰ ১৪৪ দাগৰ দুই বিঘা মাটি  উক্ত বিদ্যালয়ৰ নামত থকা বুলি জালিয়াতি কৰি জমাবন্দী কপিও উলিয়াই যদিও উল্লেখিত  পাট্টাত ১৪৪ নং দাগ নাই।উক্ত মাটি বেদখল কৰা সন্দৰ্ভত ৰাবেয়া খানম নামৰ মহিলা এগৰাকীয়ে যোৱা ২১ জুলাইত মৈৰাবাৰী আৰক্ষী থানাত প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। মৈৰাবাৰী  আৰক্ষীয়ে  ভাৰতীয় দণ্ডবিধি  আইনৰ অধীনত  ৪২০/৪০৬/৪৭১/৪৬৮/৫০৬ ধাৰাত ২১২/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি বৰ্তমান  তদন্ত আৰম্ভ কৰিছে । কাজেই এজন প্ৰাক্তন বিধায়ক হৈয়ো লোকৰ মাটি জালিয়াতিৰে  বেদখল কৰাৰ নিচিনা এক গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাত প্ৰাক্তন বিধায়কজনক একে মুখে  ধিক্কাৰ দিছে বিভিন্ন জনে।

Your Comments