লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনে আজি এখন সংবাদ মেল সম্বোধন কৰে। অাৰক্ষী অধীক্ষক অংকুৰ জৈনে কয় যে বৰ্তমানলৈকে চোৰাংভাৱে গৰু, ম'হৰ চিণ্ডিকেটৰ ক্ষেত্ৰত ছয়টাকৈ গোচৰ পঞ্জীভুক্ত কৰিছে জিলা প্ৰশাসনে লগতে ১২ জন গাড়ীৰ চালক আৰু হেন্দিমেনক আটক কৰিছে।আনহাতে বৃহস্পতিবাৰে হোজাই জিলাৰ লংকাৰ উদালীত তিনিখন গাড়ীত ৩৯ টা গৰু আটক কৰাৰ লগতে চাৰিজন লোকক আটক কৰা হয়।গৰু সৰবৰাহৰ লগত জড়িত চাৰিটা আটকাধীন ক্ৰমে ম:নিজাম উদ্দিন, ম:ইছলাম উদ্দিন,আইনুল ইছলাম আৰু চাদিকুল আলম।আটকাধীন গৰুখিনি প্ৰশাসনৰ দায়িত্বত থকাৰ লগতে আটকাধীন চাৰিওটাক বৰ্তমান লংকা আৰক্ষী থানাত ৰখা হৈছে বুলি জিলা অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
হোজাই জিলাৰ মোৰাঝাৰৰ এছবিআই বেংক শাখাৰ ৩৩ কোটি টকাতকৈ অধিক কেলেংকাৰী সম্পৰ্কে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বৰ্তমান তদন্ত চলি আছে আৰু তদন্তৰ আওতাত আহিবলগীয়া ১৮ টা অপৰাধীৰ ভিতৰত আৰক্ষীয়ে চাৰিটা অপৰাধীক ইতিমধ্যে আটক কৰিছে।
আনহাতে হোজাই জিলাৰ উদালীত এনআৰচি সংক্ৰান্তত ৰহিম উদ্দিনৰ মৃত্যুৰ সন্দৰ্ভত অধীক্ষকগৰাকীয়ে কয় যে ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে | মৃত ৰহিমক ক'ত চিকিৎসা কৰা হৈছিল, কি কাৰণে তেওঁ আত্মহত্যা কৰিলে,এই ক্ষেত্ৰতো তদন্ত চলাই থকা হৈছে ।লগতে তেওঁ কয় যে এনআৰচিৰ ক্ষেত্ৰত সন্দেহজনক ঘটনা সংঘটিত হ'ব পৰা ঠাইসমূহ ইতিমধ্যে প্ৰশাসনে বিবেচনা কৰিছে | সন্দেহৰ আশংকা থকা প্ৰতিটো এনআৰচি কেন্দ্ৰত গাঁওৰক্ষী বাহিনীৰ কৰ্মীক নিশা হ'লেই মোতায়েন কৰা হৈছে আৰু তেওঁলোকে যাতে নিয়াৰিকৈ নিজৰ কৰ্তব্য পালন কৰে,সেই সন্দৰ্ভত হোজাই জিলা প্ৰশাসনে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা নিয়াৰিকৈ নজৰ দি আছে।
- Log in to post comments
- 17 views