বঙাইগাঁওঃ
বঙাইগাঁৱৰ দোলাইগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিদ্যুৎ জ্যোতি শৰ্মা সম্প্ৰতি অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ জালত পৰা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷ অগপ দলৰ প্ৰাৰ্থী হিচাপে পঞ্চায়ত নিৰ্বাচত অৱতীৰ্ণ হৈ দোলাইগাঁও গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হোৱা বিদ্যুৎজ্যোতি শৰ্মাক বুধবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ পৰা অহা অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ পৰিদৰ্শক হিৰণ্য পাটৰৰ নেতৃত্বত অহা অভিযানকাৰী দল এটাই বঙাইগাঁও আৰক্ষীৰ সহযোগত দোলাইগাঁও উজানপাৰাস্থিত নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে গাঁঁও পঞ্চায়তৰ সভাপতি বিদ্যুৎজ্যোতি শৰ্মাক অপৰাধ অনুসন্ধান শাখাত পঞ্জীয়ণভুক্ত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪২০/৪০৬/৪০৯/৪৬৮ আৰু ৪৭১ ধাৰাৰ অধীনত ১১/১৯ নম্বৰৰ এক গোচৰৰ ভিত্তিত অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায় ৷ এটা প্ৰতিষ্ঠানৰ জৰিয়তে দুখীয়া কৃষকক বিভিন্ন চৰকাৰী আঁচনীৰ সুবিধা তথা ঋণ প্ৰদানৰ নামত প্ৰৱঞ্চনা কৰি ধন আত্মসাৎৰ অভিযোগত অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই বিদ্যুৎজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰি নিয়া বুলি জানিব পৰা গৈছে ৷
ইপিনে এই সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনসুন্ধান শাখাৰ এক শীৰ্ষ সূত্ৰই জানিব দিয়া মতে বঙাইগাঁৱৰ বিদ্যুৎজ্যোতি শৰ্মাকে ধৰি আন কেইবাজন ব্যক্তিয়ে অসম পাচলি উৎপাদক সমবায় সমিতি লিমিটেড (আসাম ভেজিটেবল গ্ৰ'ৱাৰ্চ ক'অপাৰেটিভ ছ'চাইটি লিমিটেড) নামৰ এটা প্ৰতিষ্ঠানৰ নামত বঙাইগাঁও, চিৰাং,বাক্সা, ওদালগুৰি আদিকে ধৰি ৰাজ্যখনৰ কুৰিখনমান জিলাৰ ভালেসংখ্যক দুখীয়া কৃষকৰ পৰা চৰকাৰী ৰাজ সাহায্যত ট্ৰেক্টৰ পাৱাৰটিলাৰ, হাঁহ- কুকুৰা পালন, গাহৰি পালন, গৰু- ছাগলী ফাৰ্মকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা তথা ঋণ প্ৰদানৰ নামত ধন আদায় কৰিছিল ৷ আনকি আঁচনিসমূহৰ বাবে প্ৰদান কৰা ঋণৰ নব্বৈ শতাংশ ৰাজসাহায্য হিচাপে সুবিধা কৰি দিব বুলি কৈ প্ৰতিষ্ঠানৰ লগত জৰিতসকলে কৃষকৰ পৰা কেবা কোটি টকা আদায় কৰিছিল ৷ কিন্তু পিছত কৃষকসকলক ঋণ তথা ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি যোগান নধৰি কৃষকৰ ধন আত্মসাৎ কৰি প্ৰৱঞ্চনা কৰে ৷ এই সন্দৰ্ভত বিভিন্ন জিলাৰ পৰা অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই বিভিন্নজনৰ পৰা ত্ৰিশটাৰো অধিক অভিযোগ লাভ কৰিছিল আৰু পিছত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই গোচৰ পঞ্জীয়ণ কৰি সমগ্ৰ বিষয়টো বিভাগীয়ভাৱে তদন্ত কৰে ৷
ইতিমধ্যে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষীয়ে ধন আত্মসাৎ কৰা প্ৰতিষ্ঠানটোৰ লগত জড়িত মূল ব্যক্তিকে ধৰি কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলিও জানিব দিয়ে ৷ গ্ৰেপ্তাৰ কৰা ব্যক্তিৰ স্বীকাৰোক্তিৰ ভিত্তিতে দোলাইগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিদ্যুৎজ্যোতি শৰ্মাক অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰে বুলি জানিব দিয়াৰ লগতে বিশ্বজিৎ মহন্ত নামৰ আন এজন ব্যক্তি পলাতক হৈ আছে বুলিও প্ৰকাশ কৰে ৷ উল্লেখ্য যে অগপ দলৰ জ্যেষ্ঠ নেতা, বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা নিকা ভাৱমূৰ্তিৰ ব্যক্তি হিচাপে পৰিচিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰৰ গৃহ সমষ্টিতে স্বয়ং নিজ দলৰ এজন নিৰ্বাচিত গাঁও পঞ্চায়তৰ সভাপতি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিষয়টো বঙাইগাঁও চহৰত ব্যাপক আলোচনাৰ বিষয় হৈ পৰিছে ৷
- Log in to post comments
- 13 views