গহপুৰৰ পৰা মাধৱ শৰ্মা :
গহপুৰত অঘটন৷বজ্ৰপাতৰ ফলত মৃত্যু হয় এজন লোকৰ। গহপুৰৰ কমলা পথাৰত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকজনৰ নাম মুনু শইকীয়া বুলি জানিব পৰা গৈছে।
বজ্ৰপাতত লগতে আহত হয় দুগৰাকী যুৱতী। আহত যুৱতীদ্বয় ক্ৰমে,মিনাক্ষী শইকীয়া আৰু বৰ্ণালী শইকীয়া।পথাৰত ভূঁই ৰুই থকাৰ সময়ত বজ্ৰপাত পৰি নিহত হয় লোকজন।এই ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
- Log in to post comments
- 13 views