নিউজ ডেস্ক :
অসম চৰকাৰৰ সাংষ্কৃতিক সঞ্চালকালয়ে ঘোষণা কৰিলে ২০১৯বর্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা। অসমৰ নাট্যজগতৰ ভোটাতৰা নটসূৰ্য ফণী শৰ্মাৰ নামত প্ৰদান কৰি অহা নটসূৰ্য বঁটা এইবাৰ প্ৰদান কৰা হ'ব বিশিষ্ট নাট্যশিল্পী ক্ৰমে দুলাল ৰয় আৰু আৰতি দাস বৈৰাগিক। সাংস্কৃতিক সঞ্চালকালয়ে জানিবলৈ দিয়া অনুসৰি বিশিষ্ট নাট্যশিল্পী দুগৰাকীক আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰা হ'ব অহা ৩১জুলাইত ৰঙিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত এক অনুষ্ঠানত। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত আৰু কামৰূপ জিলা আৰু ৰঙিয়াৰ মহকুমাৰ প্ৰশাসনৰ সহযোগত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট শিল্পী দুগৰাকীক বঁটা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে,জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা প্ৰমুখ্যে বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে।
উল্লেখ যে ২০০৪চনৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ দুইলাখ টকা,এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগ বস্ত্ৰ।
১৯৪৩চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা দুলাল ৰয়ে বৰ্তমান সময়লৈকে বহুসংখ্যক নাটক পৰিচালনা কৰিছে তাৰ ভিতৰত কাৰেংৰ লিগিৰী,আহাৰ,চিৰাজ,বৃক্ষৰ খোঁজ,কেলিগোপাল, নীলাম্বৰ,ভোগজৰা, আহত গুৰিৰ নতুন বাট,ফাটেমা বিবিৰ ঘৰ,মহাপুৰুষ আদি অন্যতম।ইয়াৰ উপৰিও তেওঁ ৰচনা কৰিছে বহুকেইখন টেলিভিছনৰ ধাৰাবাহিকো। অভিনেতা হিচাপেও শিল্পী গৰাকীৰ আছে এক সুকীয়া পৰিচয়।তেওঁ অভিনয় কৰা কেইখনমান ছবি হৈছে পাপৰি, অপৰূপা, মনিৰাম দেৱান,যাত্ৰী আদি উল্লেখযোগ্য।
একেদৰে ১৯৪২ চনত জন্মগ্ৰহণ কৰা আৰতি দাস বৈৰাগীয়েও অসমীয়া নাট্যজগতলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান।তেওঁ অসমীয়া নাট্য জগতত বহুকেইখন নাট ৰচনা কৰাৰ লগতে বহুকেইখন নাটক অসমীয়ালৈ অনুবাদো কৰিছে।তাৰ ভিতৰত জননী, উৰ্বশী,বৃন্দাবন আদি। ১৯৬৯চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চিত্ৰনাট্যকাৰ হিচাপে যোগদান কৰে।
- Log in to post comments
- 151 views