নগাঁও কামপুৰৰ পৰা জোনটি মাগৰ বৰদলৈ :
অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ "চিৰঞ্জীৱ থিয়েটাৰ"ৰ ২০১৯-২০ বৰ্ষৰ বাবে অলপতে এটি নাট্য আখৰা গৃহ মুকলি কৰা হয়। যোৱা ২১ জুলাইত নগাঁও জিলাৰ কামপুৰৰ দেৱ নাৰিকলিত এক প্ৰাকৃতিক পৰিৱেশৰ মাজত স্হায়ী ভাবে নিৰ্মাণ কৰা আখৰা গৃহটি সেইদিনা সন্ধিয়াই এক অনুষ্ঠানৰ মাজেৰে মুকলি কৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসে ।চিৰঞ্জীৱ থিয়েটাৰৰ থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজককে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। ভ্ৰাম্যমাণ নাট্যদলটোৱে এইবাৰ অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত নাট জীৱন সংগিনী , মেডিকেল কলেজৰ মনালিছাৰ লগতে ধ্ৰুৱজ্যোতি শৰ্মাৰ "মহাবাহু" নামৰ নাটক খন লৈ দৰ্শকৰ ওচৰলৈ যাব বুলি থিয়েটাৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিব দিয়ে। এইবাৰ নাট্য দলটিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে অভিনেত্ৰী সংগীতা ডেকা, অনুস্মিতা গোস্বামী,ৰিপুন বৰা,দিপাংকৰ বৰাকে ধৰি বহু কলা কুশলীয়ে।
- Log in to post comments
- 9 views