বৰপেটা জিলাত ৰেড এলাৰ্ট জাৰি

বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :

বজালী , ২৪ জুলাই : ভুটানৰ পৰা নতুনকৈ নামি অহা পানীৰ ঢলে বৰপেটা জিলাৰ কেইবাটাও অঞ্চল পুনৰ বুৰাই পেলোৱাৰ আশংকাত বৰপেটা জিলা প্ৰশাসনে আজি জিলাখনৰ বানাক্ৰান্ত কেইবাটাও অঞ্চলৰ বাবে ৰেড এলাৰ্ট জাৰি কৰে।জিলাখনৰ বজালী , সৰভোগ , কলগাছিয়া , বাঘবৰ , সৰুপেটা আদি অঞ্চলত বসবাস কৰা নৈপৰীয়া ৰাইজক নিৰাপদ  ঠাইত অাশ্ৰয় লোৱাৰ বাবেও  বৰপেটা জিলা প্ৰশাসনে আহ্বান জনায়।

Your Comments