জলমগ্ন নিউ বঙাইগাঁও ৰে'লৱে ডবা মেৰামতি কাৰখানা চৌহদ 

bgn

বঙাইগাঁওঃ 

উত্তৰ পূৱ সীমান্ত ৰে'লৱে এলেৰাৰ ভিতৰত থকা সৰ্ববৃহৎ শিল্প উদ্যোগ নিউ বঙাইগাঁও ডবা মেৰামতি কাৰখানাটো এতিয়া পানীৰ তলত ৷ ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে কাৰখানাটোৰ চৌহদ ৷ কৃত্ৰিম বানৰ কৱলত পৰা কাৰখানাটোৰ তিনিদিন ধৰি কাম-কাজ স্তব্ধ হৈ পৰিছে ৷ কাৰখানাটোৰ চৌহদত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত কাৰখানাটোৰ মূল্যবান যন্ত্ৰাংশ নষ্ট হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ ইপিনে ৰে'ল কৰ্মচাৰীসকলে অভিযোগ কৰা মতে ৰে'লৱে কাৰখানা সংলগ্ন বৃহত্তৰ এলেকাজুৰি থকা নলা- নৰ্দমাবোৰ উপযুক্তভাৱে পৰিস্কাৰ নকৰাৰ বাবে তিনিদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ জমা হোৱা পানী বাহিৰলৈ ওলাই আহিব পৰা নাই ৷ বৰং বাহিৰৰ পানী ওলোটাই কাকখাৰ চৌহদৰ ভিতৰত হুৰহুৰাই সোমোৱাত এই কৃত্ৰিম বানৰ সৃষ্টি হৈ কাৰখানা চৌহদ জলমগ্ন হৈ পৰিছে ৷ আনহাতে নিউ বঙাইগাঁও - ডাংতল ৰে'লৱে আবাসিক অঞ্চলসমূহৰ লগতে বঙাইগাঁও অল্ড কলনী আৰু নিউ কলনী ৰেলৱে আবাসিক এলেকাসমূহো দীৰ্ঘ দিন ধৰি এই কৃত্ৰিম বানৰ কৱলত পৰি আহিছে যদিও ৰে'ল বিভাগে এই ক্ষেত্ৰত কোনো সঠিক আৰু পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপিত হৈছে ৷ ইপিনে মঙলবাৰে বঙাইগাঁও চহৰত সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানৰ পৰিস্থিতিৰ আজি ভালেখিনি উন্নতি হৈছে ৷ পুৱাৰ ভাগত কিছু পৰিমাণে বৰষুণ হোৱাৰ পাছত সন্ধিয়ালৈ বৰষুণ নহাত চহৰখনৰ জীৱন- যাত্ৰা পূৰ্বৰ তুলনাত কিছু হলেও স্বাভানিক অৱস্থালৈ ঘূৰি আহে ৷

Your Comments