প্ৰজাপিতা ঈশ্বৰী বিদ্যালয়ৰ উদ্যোগত মৰিগাঁৱৰ বঙালপাৰাত বন্যাৰ্তৰ মাজত বিনামূলীয়া চিকিৎসা সেৱা

health

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

মৰিগাঁও জিলাত ভয়াৱহ বানে বন্যাৰ্তৰ মাজত এক বিভীষিকাময় অৱস্থা সৃষ্টি কৰাৰ সময়তে বিভিন্ন প্ৰতিষ্ঠান তথা ব্যক্তিয়ে নিতৌ বিভিন্ন সহায়-সহযোগিতাত ব্ৰতী হৈ পৰা দেখা গৈছে। জিলাখনৰ এইবোৰ প্ৰতিষ্ঠানৰ লগতে জিলাখনৰ বন্যাৰ্তৰ মাজত সহায়ৰ হাত আগবঢ়াইছে মৰিগাঁও জিলা প্ৰজাপতি ঈশ্বৰী বিদ্যালয়েও। মৰিগাঁও জিলা প্ৰজাপতি ঈশ্বৰী বিদ্যালয়ৰ সেৱা কেন্দ্রৰ সঞ্চালিকা মণিকা বেহেনৰ বিশেষ তৎপৰতাত আজি মৰিগাঁও জিলা ভূৰবন্ধা উন্নয়ন খণ্ডৰ একেবাৰে ভিতৰুৱা তথা পিচপৰা অঞ্চল বঙালপাৰাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালসমূহৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয়। গুৱাহাটী প্ৰজাপতি ঈশ্বৰী বিদ্যালয় আৰু মৰিগাঁও স্বাস্থ্য বিভাগৰ সহযোগত বঙালপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত চিকিৎসা সেৱা আগবঢ়ায় গুৱাহাটীৰ চিকিৎসক ক্ৰমে ডা০ ডেবেন্দাৰ চাচদেব, ডাঃ প্ৰীতি দেবী কাকতি, ডাঃ ললিত চন্দ্ৰ তামুলী আৰু ডাঃ অভিষেক ঘোষে। অঞ্চলটোৰ পাচঁ শতাধিক বন্যাৰ্তই চিকিৎসা সেৱা লাভ কৰে। বন্যাৰ্তসকলক বিভিন্ন ৰোগৰ ঔষধ বিতৰণ কৰাৰ লগতে ফিনাইল আৰু ব্লিচিং পাউডাৰো বিতৰণ কৰা হয়। তদুপৰি বন্যাৰ্তৰসকলৰ মাজত বিভিন্ন ধৰণৰ ব্স্ত্ৰও প্ৰদান কৰা হয়।

Your Comments