মেৰাপানীত অস্ত্ৰসহ নগা বিদ্ৰোহী এন এছ চি এন-আই এম-ৰ চাৰি সদস্য গ্ৰেপ্তাৰ

naga

গোলাঘাটৰ প্ৰতিবেদক

গোলাঘাটৰ সীমান্তবৰ্তী মেৰাপানী অঞ্চলত গোলাঘাট আৰক্ষী আৰু সীমান্তৰ নিৰাপত্তা বাহিনী চিআৰপিএফ-ৰ বাহিনী যুটীয়া অভিযান চলাই নগা বিদ্ৰোহী বুলি সন্দেহ কৰা অৰেন পাটন আৰু ৱাই কিকন নামৰ দুজন নগা লোকৰ লগতে অসমৰ বিশ্বজিৎ শইকীয়া আৰু বিশ্বজিৎ বৰাসহ মুঠ চাৰিজন সন্দেহযুক্ত বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'য়। ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টল,  এটা পইন্ট টু টু পিষ্টল সহ কেইবাটাও ম'বাইল হেণ্ডছেট জব্দ কৰে। অধিক তথ্যৰ বাবে ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Your Comments