বঙাইগাঁৱৰ প্ৰতিবেদক
বিটিএডিৰ চিৰাং জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছিল যদিও ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত পুনৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে ৷সোমবাৰে জিলাখনৰ বেংতল ৰাজহ চক্ৰৰ দুখন আৰু বিজনী ৰাজহচক্ৰৰ সাতখনসহ মুঠ নখন গাঁও বানৰ কবলত থকাৰ বিপৰীতে চিদলী ৰাজহ চক্ৰৰ বানাক্ৰান্ত গাঁওসমূহ বানৰ কবলৰ পৰা মুক্ত হৈছিল।
কিন্তু,শেহতীয়াকৈ হৈ থকা বৰষুণৰ ফলত বেংতল ৰাজহচক্ৰৰ ১২ খন, চিদলী ৰাজহচক্ৰৰ ১৭ খন আৰু বিজনী ৰাজহচক্ৰৰ ৫৯ খন গাঁওকে ধৰি মুঠ ৮৮ খন গাঁও বানৰ কবলত পৰিছে ৷ ফলত জিলাখনৰ প্ৰায় ৩০,০৩৮ জন লোক প্ৰভাৱিত হৈছে ৷ ইয়াৰ ভিতৰত বেংতল ৰাজহ চক্ৰৰ ১,৪২৫ জন, চিদলী ৰাজহ চক্ৰৰ ৩,৬১৩ জন আৰু বিজনী ৰাজহ চক্ৰৰ ২৫,০০০ জন লোক আছে।
ইফালে,বানাক্ৰান্ত লোকসকলৰ বাবে বেংতল ৰাজহচক্ৰত ২ টা আৰু বিজনী ৰাজহ চক্ৰত ৭ টাসহ মুঠ ৯ টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে।বেংতলৰ আশ্ৰয় শিবিৰত ৩২৫ জন আৰু বিজনী আশ্ৰয় শিবিৰত ১,৭৩৫ জনসহ মুঠ ২,০৬০ জন বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিছে।
বানাক্ৰান্ত অঞ্চলসমমূহত উদ্ধাৰকাৰী দল নিয়োগ কৰা হৈছে ৷ সেইদৰে চিকিৎসকৰ দলেও আশ্ৰয় শিবিৰ আৰু বানাক্ৰান্ত অঞ্চলসমূহত চিকিৎসা সেৱা আগবঢ়াই আছে।উল্লেখ্য যে আই নৈৰ বাঢ়নী পানীয়ে বিজনীৰ ডাঙাইগাঁও আৰু দক্ষিণ কাচদহা সংযোগী পথৰ এটা অংশ ছিঙি নিয়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।
- Log in to post comments
- 3 views