ওদালগুৰিৰ পৰা ৰিজুল হক
কলাইগাঁৱত নোৱা নদীৰ বাঢ়নী পানীয়ে পুনৰ প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল। উল্লেখযোগ্য যে কলাইগাঁৱৰ নিকটৱৰ্তী ২ নং শিংৰীমাৰীৰ ভঙা মথাউৰিৰে পানী সোমোৱাত পুনৰ বানে সৰ্বস্বান্ত কৰিলে অসহায় লোকক।আনহাতে,পুনৰ বুৰ গ'ল মঙলদৈ-ভূটিয়াচাং গড়কাপ্তানী পথ।
ইফালে,জনপ্ৰতিনিধিক বিচাৰি বানপীড়িতই হাহাকাৰ কৰাৰ সময়তে বৰ্হিৰাজ্যত ভ্ৰমণৰ পৰা উভতি আহি খবৰ ল'বলৈ আহিল বিটিচিৰ ইএম জগদীশ সৰকাৰ।ই এম সৰকাৰে ভগ্ন মথাউৰি পৰ্যৱেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ লয়।পানী কমিলে ভঙা মথাউৰি মেৰামতিৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।আশ্ৰয় শিবিৰৰ জড়িয়তে সকলো প্ৰকাৰৰ সাহায্যৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে।
কিন্তু,ইয়াৰ সম্পূৰ্ণ বিপৰীত কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়ো।যিটো সময়ত ৰাজ্যত নিজৰ নিজৰ সমষ্টিত বন্যাৰ্তৰ কাষত বিধায়কসকলে দিন-ৰাতি একাকাৰ কৰি সহায়ৰ হাত আগবঢ়াই আছে,তেনে সময়ত বিধায়ক মহেশ্বৰ বড়োই বন্যাৰ্তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভেৰগাওঁ জিলা এবিএমছ-এ তীব্র ক্ষোভ প্ৰকাশ কৰে।
- Log in to post comments
- 57 views