নগাঁৱৰ আৰ্য্য জাতীয় বিদ্যালয়ত গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ সামৰণি

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

২০০৫ চনত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠা হোৱা নগাঁও জিলাৰ বেবেজীয়াৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান আৰ্য্য জাতীয় বিদ্যালয়ৰ উদ্যোগত যোৱা ৮ জুলাইৰ পৰা ২২ জুলাইলৈ দশম শ্ৰেণীৰ এক গ্ৰীষ্মকালীন
পাঠদান শিবিৰ অনুষ্ঠিত হয় । এই উপলক্ষে আৰ্য্য জাতীয় বিদ্যালয়ত অনুষ্ঠিত পাঠদান শিবিৰত চক্ৰধৰ বৰুৱা,দীপ 
বেজবৰা আৰু পিংকু মণি নাথে ইংৰাজী,ভূপেন চন্দ্ৰ দাস আৰু শংকৰ দয়াল শৰ্মাই সাধাৰণ বিজ্ঞান, অনুপম দাস আৰু আব্দুল ৰহমানে গণিত,পূৰ্বালী মেধি,মানস প্ৰতিম  শইকীয়া আৰু শিখা  জ্যোতি বৰাই সমাজ বিজ্ঞান  তথা কৰবী কাকতিয়ে অসমীয়া বিষয়ত পাঠদান কৰে । পাঠদান শিবিৰৰ অন্তত সোমবাৰে পাঠদান কৰা অসমীয়া,ইংৰাজী,সমাজ বিজ্ঞান,সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয়ৰ ওপৰত এক প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয় ।na

ঘোষিত ফলাফল অনুসৰি সাগৰিকা শইকীয়াই প্ৰথম,ময়ূখী বেজবৰুৱাই দ্বিতীয়,বৃটিছা বৰাই তৃতীয়,শৰ্মিষ্ঠা শৰ্মাই চতুৰ্থ আৰু সঞ্জু দাসে পঞ্চম স্থান অধিকাৰ কৰে । ইফালে শিবিৰৰ সামৰণি অনুষ্ঠান উপলক্ষে মংগলবাৰে এখনি বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। শিক্ষক অনুপম দাসে আঁত ধৰা সভাত অভিভাৱক পবন কুমাৰ বৰা,ৰঞ্জন বেজবৰুৱা,গোলাপ বৰা,চাইফুদ্দিন আহমেদ আৰু ঋতু পৰ্ণ শৰ্মাই বঁটাসমূহ বিতৰণ কৰে । উল্লেখযোগ্য যে বাৰদিনীয়া পাঠদান শিবিৰত প্ৰতিদিনে পুৱা ৯-৩০বজাৰ পৰা তিনিটা বিষয়ৰ পাঠদান কৰা হৈছিল । শিবিৰত আৰ্য্য জাতীয় বিদ্যালয়ৰ উপৰি জাজৰি জাতীয় বিদ্যালয় আৰু কুঁজীডাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা বুলি অধ্যক্ষ ৰিপুঞ্জয় শৰ্মাই NewsASNক জনাইছে ।

Your Comments