কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়ৰ প্রতিবেদন :
বাক্সা জিলাৰ নিকাচীত অসম নেপালী সাহিত্য সভাৰ নিকাচী শাখাৰ উদ্যোগত শনিবাৰে ২০৬ সংখ্যক নেপালী ভাষাৰ আদিকবি ভানুভক্ত আচাৰ্যৰ জন্ম জয়ন্তী সমাৰোহ পালন কৰা হয়। ইন্দ্ৰলাল পাঠক বালিকা বিদ্যালয়ত সমিতিৰ সভাপতি হেমলাল কাশ্যপৰ দ্বাৰা ৰাতিপুৱা ৮.৩০ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাতিপুৱা ৯ বজাত বন্তি প্ৰজ্বলন আৰু ভানু প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে শাখাৰ প্ৰাক্তন সভাপতি শান্তিৰাম পোখৰেল আৰু জ্ঞানপীঠ কলেজৰ অধ্যক্ষ শ্ৰী সৰ্বানন্দ ভণ্ডাৰীয়ে। ইয়াৰ পিছতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কুইজ প্ৰতিযোগিতা সঞ্চালন কৰে জ্ঞানপীঠ কলেজৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা শ্ৰী প্ৰকাশ পোখৰেলদেৱে। ৰাতিপুৱা ১১ বজাত সাহিত্য গোষ্ঠী পৰিচালনা কৰে নিকাচী হিমালী মহিলা মঞ্চৰ সভানেত্ৰী গীতা দাহালে। এই কাৰ্যসূচীত ৩০ জন নবীন প্ৰৱীন কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে।
দিনৰ ১২.৩০ বজাত গোৰ্খা লোক কলা সংৰক্ষণ মঞ্চৰ কাৰ্যকৰী সভাপতি শ্ৰীৰাম ৰাইৰ পৰিচালনাত লোকনৃত্যৰ মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে হেমলাল কাশ্যপে। উক্ত অনুষ্ঠানত ঝৰ্ণা ঘিমিৰেৰ লোক নৃত্যই অনুষ্ঠানত উপস্থিত থকা প্ৰায় শতাধিক লোকক মোহিত কৰে। ইয়াৰ পিছতেই মুকলি সভা উদ্বোধন কৰি শাখাৰ উপদেষ্টা পৃথিবিলাচ ভট্টৰাইদেৱে ভানুভক্তৰ তাৎপৰ্য বাখ্যা কৰে। এই কাৰ্যসূচীতে ৰাভা সংগীত পৰিবেশন কৰি সমাৰোহৰ সৌষ্ঠৱ বৃদ্ধি কৰে উৎপল কলিতা ডাঙৰীয়াই। ইয়াৰ পিছত জিলা সমিতিৰ সভাপতি আৰু কেন্দ্ৰীয় সদস্য ক্ৰমে গোপাল শৰ্মা আৰু কে.পী শৰ্মাই ভানুভক্তৰ ৰামায়নী দিশৰ ওপৰত আলোকপাত কৰে। সমাৰোহৰ অন্তিম কাৰ্যসুচীত শ্ৰীৰাম ৰাই আৰু সূৰ্য কৈৰালাৰ মধুৰ গীতেৰে অনুষ্ঠান সামৰণি পৰে।
- Log in to post comments
- 37 views