ৱাহিদুদ জামান,নগাঁও:
অবিভক্ত নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ ১০ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে শুকুৰবাৰে এটি ১০ বছৰীয়া শিশু সহ দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । জিলাখনৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত হাতীচোং কমাৰচুকৰ এজন লোক কালি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লব লগা হয়। গোলাপ দাস (৬৭) নামৰ লোকজনে কেইদিনমান আগত এই ৰোগত আক্ৰান্ত হৈছিল আৰু গুৱাহাটী জি এম এইচ চি হস্পিটেলত চিকিৎসাধীন হৈ আছিল। শনিবাৰে বিয়লি প্ৰায় ৩ মান বজাত চিকিৎসাধীন অৱস্থাতে লোকজনৰ মৃত্যু ঘটে। ভাৰতীয় ৰেল বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা গোলাপ দাসে মৃত্যুৰ সময়ত দুজন পুত্র, দুই কন্যা অাৰু পত্নীৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়। ইপিনে, হোজাইস্থিত এছ অ' এছ ভিলেজৰ আবাসী মাচুম খান নামৰ এটি দহ বছৰীয়া শিশুৰ শুকুৰবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে মৃত্যু হয়।প্ৰায় এমাহৰো অধিক দিন আই চি ইউত চিকিৎসাধীন অৱস্থাত থকা এছ অ এছ ভিলেজৰ এই শিশুটিক লৈ মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পালে।
বেচৰকাৰী তথ্য মতে, অবিভক্ত জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এতিয়ালৈকে ১২ জন লোক মৃত্যু হৈছে যদিও জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰে যে জিলাখনত এতিয়ালৈকে ৭ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৩ জন লোক মৃত্যু হৈছে। মনকৰিবলগীয়া যে জিলা স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছ ৰোগত তিনি জনৰ মৃত্যু হোৱাৰ লগতে মাত্ৰ ৭ জন লোক আক্ৰান্ত হোৱা বুলি দাবী কৰিছে যদিও বেচৰকাৰী তথ্য মতে এতিয়ালৈকে কুৰিজনৰো অধিক লোক এনে ৰোগত আক্ৰান্ত হৈছে।
- Log in to post comments
- 4 views