ওদালগুৰিত (আপকু)ৰ মধ্যকালীন অধিবেশন আৰম্ভ

apcu

ওদালগুৰিৰ প্ৰতিবেদক :

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে ওদালগুৰিৰ স্থানীয় বিষ্ণু ৰাভা কৃষ্টি সংঘত অনুস্থিত হয় আসাম প্ৰেছ ক'ৰেছপন্ডেন্টছ' ইউনিয়ন (আপকু) মধ্যকালীন অধিবেশন| প্ৰথম দিনাৰ কাৰ্য্যসূচী ক্ৰমে পুৱা ৯ বজাত পতকা উত্তোলন কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিংয়ে।১০ বজাত শ্বহীদ তৰ্পন কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য আৰু আপকুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰাণ সম্পাদক  হেমন্ত শইকীয়াই।ইয়াৰ পিছৰ কাৰ্যসূচী হিচাপে ১০-৩০ বজাত ৰূপায়িত কৰে ভাৰত-ভুটান সীমান্তৱৰ্তী পৰ্যটন স্থলী ভৈৰৱকুন্ড পৰিদৰ্শন।১১ বজাত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিয়োগিতা অনুষ্ঠিত হয়।আবেলি ৪ বজাত প্ৰতিনিধি সভা উদ্ধোধন কৰে কেবিনেট মন্ত্ৰী তথা আভ্যৰ্থনা সমিতিৰ সভাপতি ৰিহন দৈমাৰীয়ে। প্ৰতিনিধি সভাৰ অন্তত অধিবেশন খনিৰ আজি প্ৰথন দিনাৰ কাৰ্য্যসূচীৰ সফলতাৰে সামৰণি পৰে|

Your Comments