বাক্সাৰ পৰা আমিনুল হকৰ প্রতিবেদন :
কেইবা দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰী-বালিপুৰ চৰত প্ৰায় পাছশতাধিক মানুহ আবদ্ধ হৈ পাৰিছিল। যোৱা ১০ জুলাই তাৰিখে বাক্সা জিলা প্ৰশাসনে দুৰ্গত লোকসকলক উদ্ধাৰ কৰি পূৱ খাৰিজা বিজনী এম ই স্কুলত অস্থায়ী শিবিৰ পাতি আশ্ৰয় লবলৈ সুবিধা কৰি দিয়ে৷ উক্ত শিবিৰত কৃষক নেতা ৰাতুল হোছেইন, অধিবক্তা ফজলুল হক, যুৱনেতা চাহজাহান আলী আহমেদ, আমছু নেতা ছাইফুল ইছলাম, সাহাদত হুছেইন,যুৱ সমাজ সমাজকৰ্মী চাহ ছিকান্দৰ মাহমুদ সহ এটি সজাতি দলে উক্ত শিবিৰত থকা ভূক্তভোগী লোক সকলৰ খবৰ লোৱাৰ লগতে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয়৷
সজাতি দলটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্ৰেড আৰু পানীৰ বতলো বিতৰণ কৰে৷ উল্লেখ্য যে উক্ত শিবিৰত বালিপুৰ আৰু উদালগুৰি গাওঁৰ ৮১ টা পৰিয়ালৰ সৰ্বমুঠ ৪৭০ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰি আছে৷ ইয়াৰে পুৰুষ ২৩৫, মহিলা ১৪০, শিশু ৯৫ গৰাকী থকাৰ বিপৰীতে ৭৭৬ টা পশুধন উক্ত শিবিৰটোতে ৰাখি থোৱা বুলি জানিব পৰা গৈছে৷ উক্ত শিবিৰত জিলা প্ৰশাসনে যাৱতীয় সা-সুবিধা প্ৰদান কৰাত ৰাইজে প্ৰশাসনক ধন্যবাদ জনাইছে৷
- Log in to post comments
- 5 views