বঙাইগাঁৱক প্লাষ্টিক মুক্ত চহৰ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জিলা উপায়ুক্তৰ 

bgn

বঙাইগাঁওঃ 

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশমৰ্মে  শুকুৰবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় । জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা ( সংশোধন) বিধি -২০‍১৬  , গোটা আৱৰ্জনা ব্যৱস্থাপনা বিধি- ২০১৬  আৰু জৈৱ চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনা বিধি-২০১৮ বিধি তিনিখন বঙাইগাঁও জিলাত কাৰ্যকৰী কৰাৰ বাবে আলোচনা কৰা হয় । উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে বঙাইগাঁও চহৰখনক এখন মডেল চহৰ হিচাবে নিৰ্বাচিত কৰি লৈছে আৰু সেয়ে চহৰখনক প্লাষ্টিক মুক্ত আৰু সেউজ জিলা হিচাপে গঢ়ি তুলিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ সভাত জিলা উপায়ুক্তগৰাকীয়ে আহবান জনায়। ইয়াৰ উপৰিও বঙাইগাঁও জিলাৰ তিনিখন গাঁও ক্ৰমে বড়ি গাঁও , চিটকা গাঁও আৰু জেল্কাঝাৰ গাঁৱক মডেল গাঁও হিচাবে নিৰ্বাচিত কৰাৰ লগতে গাঁও তিনিখনক পৰিস্কাৰ ,সেউজ আৰু প্ৰদূষণ মুক্ত কৰাৰ বাবে বিশেষ কাৰ্যব্যৱস্থা হাতত লোৱা হয় ।

সভাত এই সন্দৰ্ভত জিলা উপায়ুক্ত আদিল খানে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড , বঙাইগাঁও পৌৰ সভা আৰু অন্যান্য বিভাগৰ বিষয়াসকলৰ লগত বিস্তাৰিতভাৱে আলোচনা কৰে। সভাত বঙাইগাঁও আৰু অভয়াপুৰী উভয় চহৰৰ ওৱাৰ্ডৰ বাসীন্দাসকলৰ ঘৰে ঘৰে ইয়াক এশ শতাংশ কাৰ্যকৰী কৰিবলৈ আহবান জনায় ৷ লগতে অপব্যয় ব্যৱস্থআৰৱী নিয়মৰ পূৰ্ণ সন্মতি জনাই  বঙাইগাঁও পৌৰ সভাক অহা  ৬ মাহৰ ভিতৰত তিনিখন গাঁও নিশ্চিত কৰিবলৈ আহবান জনাই উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু পৌৰ সভাক ৫০ মাইক্ৰনৰ তলৰ পলিথিন নিষিদ্ধকৰণ কৰাৰ বাবে নিদ্দেৰ্শ দিয়ে ৷ এই নিৰ্দেশনা নমনা তথা ৫০ মাইক্ৰনৰ তলৰ পলিথিন ব্যৱহাৰী , যোগানকাৰি তথা দোকানিৰ বিৰুদ্ধে বিধি অনুসৰি ব্যৱস্থা লোৱা হ'ব বুলিও কয় । ইয়াৰ উপৰিও গাঁওৰ বজাৰ এলেকাতো প্লাষ্টিক ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ।

সভাত পৰিৱেশ আৰু মানৱ তথা পশু স্বাস্থ্য সম্পৰ্কত প্লাষ্টিকৰ ব্যৱহাৰৰ বিপদজনক প্ৰভাৱৰ ওপৰত অলোচানাও কৰা হয় । শেষত উপায়ুক্তগৰাকীয়ে সকলোকে সজাগ কৰি দি কয় যে প্ৰদূষণ মুক্ত অসম চৰকাৰৰ প্ৰধান বিষয়সূচী । সেয়ে ইয়াক সফল কৰি তোলাতো অতিকে জৰুৰী ৷ এই সভাত বঙাইগাঁও জিলা পৰিষদৰ  মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , জিলাৰ অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস , অনুপম ডেকা , অৰূপ কুমাৰ শৰ্মা, বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, বঙাইগাঁও পৌৰ সভাৰ সভাপতি দীপু চৌধুৰী  , আই উপত্যকা বন সংমণ্ডলৰ বন বিষয়া  এ এছ আৰিফ , প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ কাৰ্যবাহী অভিযন্তা , খণ্ড উন্নয়ণ বিষয়াসকলৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে ।

Your Comments