সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
চৰাইদেউ জিলা আৰক্ষীয়ে মৰাণ হাজোৱা চাহ বাগিচাৰ সহকাৰী পৰিচালক চাৰবাছ আনোৱাৰক আলফাৰ নামত দহ লাখ টকা দাবী কৰা ঘটনাত জড়িত তিনি ভুৱা আলফাক আটক কৰে। যোৱা ৯ জুনত বাগিচাখনৰ গেটত গুলিবৰ্ষণ কৰা ঘটনাত মুল অভিযুক্ত তিনিজনক চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ পৰা পইন্ট টু টু পিষ্টল এটা,মবাইল পাচটা,আলফাৰ পেড বনাবলৈ ব্যৱহাৰ কৰা কম্পিউটাৰ, পিণ্টাৰৰ লগতে ধনদাবী আৰু গুলীচালনা ঘটনাত ব্যৱহাৰ কৰা এ এছ ০৬ জে ২০৭২ নম্বৰৰ পালচাৰ বাইক খনো জব্দ কৰিছে।
চৰাইদেউ জিলা আৰক্ষীয়ে আটক কৰা ভুৱা আলফা তিনিটা হ'ল-আকাশ প্ৰধান, জিতেন ঠাকুৰ আৰু উত্তম তেলেংগা । সোণাৰি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মেল আয়োজন কৰি আজি সদৰি কৰিলে এই তথ্য।
- Log in to post comments
- 5 views