পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে হাজোৰ মনাহকুছিত ছিঙিলে মাথাউৰি

hajo

হাজোৰ পৰা কমলাকান্ত দাসৰ প্রতিবেদন :

হাজোত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে।পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে হাজোৰ মনাহকুছিৰ কঁচুৱাৰবৰীত ছিঙিলে বৰম্বৈ- হাজো নযনপুৰ সংযোগী  মথাউৰী। মথাউৰী ছিঙি হুৰহুৰাই পানী সোমোৱাৰ ফলত এতিয়া হাহাকাৰ লাগিছে কেইবাখনো গাঁওত। জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল। সমগ্ৰ হাজো নগৰ প্লাবিত হোৱাৰো সম্ভাৱনা কৰিছে স্থানীয় ৰাইজে।ইফালে বান পৰিস্থিতিয়ে হাজোত ভয়াবহ ৰূপ ধাৰণ কৰাৰ খবৰ লাভ কৰা মাত্রকে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিযাই  কামৰূপ জিলাৰ উপাযুক্ত কমল কুমাৰ বৈশ্যক লগত লৈ বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয়। ইপিনে বানত আবদ্ধ লোক সকলক উদ্ধাৰৰ বাবে এছ দি আৰ এফে অভিযানত নামিব বুলি জানিব পৰা গৈছে।ইফালে হাজোৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াও জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ আশ্বাস কৰি ৰাইজক আশ্বস্ত কৰাৰ যত্ন কৰা পৰিলক্ষিত হয়।

Your Comments