আজিও সন্ধান নোলাল মজনুৰৰ

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :
নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত বৰশিমলুৱাৰ বৰবুকীয়া নিবাসী জ‌ইনুৰ আলী আৰু ৰাবিয়া বিবিৰ পুত্ৰ মজনুৰ আলী (২০) যোৱা ৭ জুনৰ পৰা সন্ধানহীন হৈ আছে। সিদিনা দিনৰ ২ বজাৰ পৰা ঘৰৰ পৰা ওলাই গৈ মজনুৰ আৰু উভতি অহা নাই। পৰিয়ালৰ লোকে বিচাৰ-খোঁঁচাৰ কৰিও বৰ্তমালৈ মজনুৰৰ ক'তো সন্ধান উলিয়াব পৰা নাই।মজনুুুৰৰ লগত থকা মোবাইলৰ চুইচটোও অফ হৈ আছে।অৱশ্যে সন্ধানহীন হোৱাৰ দিনা ওচৰ চুবুৰীয়া কোনো লোকে গুৱাহাটী শৰাইঘাট দলঙত প্ৰত্যক্ষ কৰিছিল বুলি জানিবলৈ দিয়ে। কোনোবা সদাসয় ব্যক্তিয়ে মজনুৰৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা ৭০০২১৬৪০১০, ৯৪০১৫৮৪৪৮৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে পৰিয়ালৰ লোকে।

Your Comments