বঙাইগাঁওঃ
অন্যান্য ঠাইৰ লগতে কালি (বৃহস্পতিবাৰে) বঙাইগাঁও জিলাতো বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ৷ এই উপলক্ষে জিলাখনৰ বইটামাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ শংকৰঘোলা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, অতিৰিক্ত মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া ডাঃ লাৱণ্য শৰ্মাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া আৰু গাওঁ পঞ্চায়তৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে ৷ অনুষ্ঠানত 'জনসংখ্যা নিয়ন্ত্ৰণ পষেক'ৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷ এই অনুষ্ঠানতে জনসংখ্যা বিস্ফোৰণ আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা মাইকযোগে আৰু বাটৰ নাট প্ৰৰ্দশণেৰে বিভিন্ন সজাগতামূলক প্ৰচাৰ বিভিন্ন স্থানত চলাই থকা হৈছে ৷ উল্লেখ্য যে বৰ্তমান পৰিস্থিতিত জনসংখ্যা বৃদ্ধিৰ সমস্যাই এক বৃহৎ সমস্যাৰূপে দেখা দিছে ৷
ইয়াৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্য আগত ৰাখিয়েই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তৰফৰ পৰা ১১-২৪ জুলাইলৈ 'জনসংখ্যা নিয়ন্ত্ৰণ পষেক'ৰ আয়োজন কৰা হৈছে ৷ এই উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ লগতে পৰিয়াল পৰিকল্পনাৰ বিশেষ সুবিধা আগবঢ়াইছে ৷ স্থায়ী পৰিকল্পনাৰ বাবে পুৰুষৰ বাবে NSV আৰু মহিলাৰ বাবে LS Minilap আৰু PPS পদ্ধতি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ ৰাইজক সজাগ কৰা হ’ব৷
তদুপৰি অস্থায়ী পদ্ধতিসমূহ যেনে জন্ম নিয়ন্ত্ৰক বড়ি, PPIUCD, কণ্ডম, IUCD, PAIUCD, অন্তৰা আদি সুবিধাৰ বিষয়েও ৰাইজক অৱগত কৰা হ’ব বুলি বঙাইগাঁও জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মিডিয়া এক্সপাৰ্ট পম্পী কলিতাই এক প্ৰেছ টোকাত উল্লেখ কৰিছে ৷
- Log in to post comments
- 46 views