বাঢ়নি পানীৰ লগতে বনৰীয়া হাতীৰ জাকেও আতংকিত কৰিছে লংকাৰ পাৰ্শ্বৱৰ্তী কেবাটাও অঞ্চলৰ ৰাইজক

lanka

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

ৰাজ্যত ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ।বানৰ বিভীষিকাময় পৰিস্থিতিত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যাতৰ। লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত লস্কৰপথাৰ,উত্তৰ লস্কৰপথাৰ আৰু ফৰমাৰ অঞ্চলো বানপানীয়ে  বুৰাই পেলাই কৰি তুলিছে সাগৰ সদৄশ পৰিবেশ।চাৰিও দিশে কেৱল পানী আৰু পানী ।যোৱা কেইবাদিন ধৰি হৈ থকা মুষলধাৰা বৰষুণৰ ফলত কপিলী নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত বাঢ়নী পানীয়ে ইতিমধ্যে অঞ্চলকেইটা বুৰাই পেলোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বৰ্তমান পানীৰ তলত সোমাই পৰিছে।lka

ইফালে,আন এক গুৰুত্বপূৰ্ণ বিষয় এই যে বলিয়া বানৰ তাণ্ডৱত সমগ্ৰ অঞ্চলকেইটা বুৰ গৈ থকাৰ সময়তে বন্য হস্তীৰ আতংকত এতিয়া ত্ৰাহিমধূসূধন সোঁৱাৰিব লগা হৈছে বানাক্ৰান্ত ৰাইজে।কাষৰীয়া বনাঞ্চল খনত পানী সোমোৱাৰ বাবে খাদ্য আৰু বাসস্থানৰ সন্ধানত  উলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে নিশা উক্ত অঞ্চলকেইটাত প্ৰৱেশ কৰাত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

Your Comments