গোৰেশ্বৰৰ প্ৰতিবেদক :
বাক্মা জিলাৰ গোৰেশ্বৰৰ ২নং বেটাগাওত পুঠীমাৰী নৈৰ গড়াখহনীয়াই ধাৰণ কৰিছে কাল ৰূপ।যোৱা দুদিনমান ধৰি হৈ থকা তীব্ৰ গড়াখহনীয়াৰ ফলত চাৰিটা নৈপৰিয়া পৰিয়ালৰ তামোল পানৰ বস্তিৰ লগতে মূল্য বান গছ গছনী নৈৰ বুকুত সম্পূৰ্ণৰূপে জাহ গৈছে। অঞ্চলটোৰ কোনো কোনো লোকে আকৌ নৈৰ গড়াখহনীয়াত জাহ যোৱাৰ ভয়ত বহু মূল্য বান গছ গছনি কম মূল্যৰ বিনিময়তে বিক্ৰী কৰি নিজৰ ঘৰ দুৱাৰ নিজে ভাঙি অন্য ঠাইলৈ ঢাপলি মেলিছে।চেফটি পিন সদৃশ বাঁহেৰে এটা কৌশল তৈয়াৰ কৰি বিভাগীয় কৰ্তৃপক্ষই গড়াখহনীয়া ৰোধৰ চেষ্টা কৰি কৰিছে যদিও অথাই সাগৰ সদৃশ পানীৰ মাজত বিভাগীয় এই কৌশলক চৰকাৰী ধন সৰকোৱাৰ ফন্দিৰ বাহিৰে আন একো নহয় বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।
- Log in to post comments
- 6 views