বাক্সাৰ খাৰিজা বিজনীত বেঁকী নৈৰ বানত আবদ্ধ ছয়শতাধিক লোকক উদ্ধাৰ

baksa

বাক্সাৰ পৰা আমিনুল হকৰ প্রতিবেদন :

কেইদিনমান ধৰি চলা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্নপ্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰিৰ বালিপুৰ চৰত প্ৰায়  ছয়শতাধিক মানুহ বানত আবদ্ধ হৈ পৰে৷

baska2পিছত  ঘটনাস্থলীত স্থানীয় লাবদাংগুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীৰ  নেতৃত্বৰ লগতে আমুছুৰ বাক্সা জিলা সমিতি, এবিএমছু শালবাৰী জিলা সমিতি, স্থানীয় বিপিএফ কৰ্মী, স্থানীয় ৰাইজ আৰু সংবাদ কৰ্মীৰ সহযোগত আবদ্ধ হৈ পৰা মানুহখিনিক উদ্ধাৰ কৰি ওদালগুৰি চ'কলৈ লৈ আনে। সংবাদকৰ্মী, আৰক্ষী আৰু বিভিন্ন দল সংগঠনৰ প্ৰচেষ্টাতেই অঞ্চলটোৰ বহু মানুহ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰা কথাটোক ভূয়সী প্ৰশংসা কৰে স্থানীয় ৰাইজে।

Your Comments