বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁৱৰ কৃষকে খেতিপথাৰত নামিব পৰা নাই। বহু খেতিয়কে কঠিয়াও সিঁচিব নোৱাৰিলে। নখেতিৰ পাগলাদিয়া নদীৰ ভগা মথাউৰীৰ দুসুঁতি মুখেৰে পানী সোমোৱাৰ লগতে উত্তৰ দিশৰ পৰা নামি অহা পানীয়ে বৰভাগৰ গাঁওসমূহৰ খেতিপথাৰত বানপানীৰ সৃষ্টি কৰিছে। ঠায়ে ঠায়ে ডুব গৈছে গ্ৰাম্য পথ। ডুব গৈছে খেতিপথাৰ। যিটো সময়ত খেতিপথাৰত কৃষকৰ তৎপৰতাই কৃষিপথাৰ উৎসৱ মুখৰ কৰি তোলে সেই সময়ত বৰভাগ আৰু বাহাৰঘাটৰ এটা অংশৰ কৃষকে অনিশ্চয়তাত ভুগি মূৰে-কপালে হাত দিব লগা হৈছে। আনহাতে এপষেক ধৰি নেৰানেপেৰা বৰষুণৰ বাবে পশুধনৰ আলৈ-আথানি নোহোৱা পৰিলক্ষিত হৈছে। খাবলৈ ঘাঁহ-বন নোহোৱা হৈছে। কৃষক তথা পশুপালক সকল বিপাঙত পৰিছে। আৰংগমৌ, নখেতি, দোকোহা, বৰগাছা, বৰশিমলুৱা, ৰাইমাধা, আঠঘৰীয়া, কোটালকুছি, পাণ্ডুলা, সানেকুছি, দেহাৰকুছি, কমাৰকুছি, কালাগ, বৰগাছা,বুকীয়া, উত্তৰকুছি, বৰশিমলুৱা, চতমা, লৰমা বটাঁকুছি আদি গাঁৱৰ কৃষকসকলে খেতিপথাৰত নামিব পাৰিবনে নাই অনিশ্চয়তাত ৰৈ আছে। সম্প্ৰতি চৰকাৰখনে কৃষকৰ এই সমস্যবোৰৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। অঞ্চলটোৰ কৃষক ৰাইজে পশুধনৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ লগতে খাদ্যৰ যোগান ধৰাৰ বাবে চৰকাৰক দাবী জনাইছে।
- Log in to post comments
- 27 views