শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
হাইলাকান্দিৰ ৰোগাক্ৰান্ত কণমানি আৰিফাৰ সকলো খৰচ বহন কৰিৱ অসম চৰকাৰে।সংবাদ মাধ্যমত কনমাণি আৰিফাৰ মগজুৰ জটিল ৰোগৰ খবৰ লাভ কৰাৰ পিছতেই গুৱাহাটীৰ জিএমচি হাস্পিতাললৈ লৈ যোৱাৰ বাৰ্তা জিএমচিএইচ কৰ্তৃপক্ষৰ পৰা লাভ কৰিলে আৰিফাৰ পিতৃয়ে। অস্ত্রোপচাৰকে ধৰি আৰিফাৰ চিকিৎসাৰ সকলো দায়িত্ব ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বহন কৰিব বুলিও তেওঁলোকক জানিব দিয়ে। মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নিৰ্দেশৰ পিছতেই আৰিফাৰ পৰিয়ালৰ লগত জিলা প্ৰশাসনৰ জৰিয়তে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে। কণমানি আৰিফাৰ প্ৰতি মন্ত্ৰী গৰাকীৰ লগতে জি এম চি এইছ কৰ্তৃপক্ষই দেখুওৱা সহানুভূতিত কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰিফাৰ পৰিয়ালে।লগতে হাইলাকান্দি জিলা প্রশাসন,স্বাস্থ্য বিভাগ আৰু সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে আৰিফাৰ পৰিয়ালে।
- Log in to post comments
- 36 views