"অসম আভ্যন্তৰীণ জলপৰিবহন প্ৰকল্প" সন্দৰ্ভত মাজুলীবাসীৰ মতামত বিচাৰিলে আভ্যন্তৰীণ জল পৰিবহন বিভাগে

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ :

 অসম চৰকাৰে ৰাজ্যৰ বৰ্তমানৰ জলপৰিবহন ব্যৱস্থাটোক পৰ্যায়ক্ৰমে অত্যাধুনিক আৰু যাত্ৰীৰ বাবে নিৰাপদ তথা আনন্দদায়ক জল পৰিবহন ব্যৱস্থালৈ উন্নীত কৰাৰ অৰ্থে বিশ্ববেংকৰ অৰ্থ-সাহাৰ্যৰে 'অসম আভ্যন্তৰীণ জলপৰিবহন প্ৰকল্প' নামৰ এক প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পৰ অধীনত জলপৰিবহনৰ বাবে ৰাজ্যত সদ্যহতে থকা আন্তঃগাঠনিৰ ব্যাপক উন্নীতকৰণৰ লগতে প্ৰথম পৰ্যায়ত ব্ৰহ্মপুত্ৰৰ কেতবোৰ নিৰ্বাচিত পাৰঘাটত অত্যাধুনিক ফেৰীসেৱা প্ৰৱৰ্তন কৰিব পৰাকৈ টাৰ্মিনেল স্থাপনকে ধৰি অত্যাধুনিক সা-সুবিধাযুক্ত ফেৰী সেৱা মুকলি কৰিবলৈ পৰিকল্পনা কৰিছ আভ্যন্তৰীণ জলপৰিবহন বিভাগ (আইডব্লিউটি)য়ে। এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে মাজুলীৰ অফলামুখ পাৰঘাটকো অত্যাধুনিক 'টাৰ্মিনেল'লৈ উন্নীতকৰণৰ প্ৰস্তাৱো অন্তৰ্ভুক্ত কৰা হৈছে। বিভাগটোৱে ইতিমধ্যে এই প্ৰকল্পৰ পাৰিপাৰ্শ্বিক আৰু সামাজিক প্ৰভাৱ অধ্যয়ন কৰি প্ৰস্তত কৰা দুখন গুৰুত্বপূৰ্ণ মূল্যায়ন প্ৰতিবেদন ৰাইজৰ বিবেচনাৰ বাবে ৰাজহুৱা কৰিছে।

অফলামুখ পাৰঘাট টাৰ্মিনেললৈ উন্নীতকৰণৰ প্ৰস্তাৱ সন্নিবিষ্ট হৈ থকা এই অসম আভ্যন্তৰীণ জলপৰিবহন প্ৰকল্প সন্দৰ্ভত যুগুতোৱা 'পাৰিপাৰ্শ্বিক প্ৰভাৱ মূল্যায়ন প্ৰতিবেদন' আৰু 'সামাজিক প্ৰভাৱ মূল্যায়ন প্ৰতিবেদন' দুখন আইডব্লিউটি-এ মাজুলীবাসীৰ বাবে ৰাজহুৱা কৰিছে। মাজুলীবাসী আগ্ৰহী ব্যক্তি সংগঠনে এই প্ৰকল্পৰ সম্ভাব্য সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱ সম্পৰ্কীয় প্ৰতিবেদন অধ্যয়ন কৰি তেওঁলোকৰ নিজা মতামত তথা পৰামৰ্শ আইডব্লিউটিৰ ওচৰত যাতে লিখিত ৰূপত দাখিল কৰিব পাৰে, তাৰ বাবে বিভাগটোৱে দুয়োখন মূল্যায়ন প্ৰতিবেদন মাজুলীৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ গড়মূৰস্থিত কাৰ্যালয়ত ৰাইজৰ দৰ্শনৰ বাবে উপলব্ধ কৰিছে। তদুপৰি ইয়াৰ প্ৰতিলিপি মাজুলীৰ উপায়ুক্ত কাৰ্যালয়তো ৰাইজে চাব পৰাকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। সেয়ে নদীদ্বীপ জিলাখনৰ আগ্ৰহী ব্যক্তি আৰু সংগঠনসমূহক এই প্ৰতিবেদন চাই কমলাবাৰী, অফলামুখ আৰু নিমাতীঘাটত থকা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ কাৰ্যালয়ত নিজৰ মতামত তথা দিহা-পৰামৰ্শ আৰু আপত্তি দাখিলৰ বাবে ৰাজ্যৰ আভ্যন্তৰীণ জলপৰিবহন সঞ্চালক তথা অসম আভ্যন্তৰীণ জলপৰিবহন উন্নয়ন সমিতিৰ উপ-ৰাজ্যিক প্ৰকল্প সঞ্চালক ৰাহুল চন্দ্ৰ দাসে অনুৰোধ জনাইছে।

Your Comments