ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
এগৰাকী বিশেষভাবে সক্ষম কিশোৰীক বিবাহৰ প্ৰতিশ্ৰুতিৰে যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাৰ অভিযোগত হোজাই আৰক্ষীয়ে যোৱা নিশা এক লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই ঘটনা হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পূব বান্দৰমেলা গাঁৱত। এই কুকৰ্মত জড়িত মূল অভিযুক্ত চাহিজুল হোছেইনক যোৱা নিশা আৰক্ষীয়ে মোৰাজাৰৰ পৰা আটক কৰে৷ ধৃত চাহিজুলৰ ঘৰ মোৰাঝাৰৰ পূৱ বান্দৰমেলাত। অভিযুক্ত যুৱকজনে একে গাঁৱৰেই এগৰাকী বিশেষভাবে সক্ষম এগৰাকী নাবালিকাক বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে যৌন নিৰ্যাতন চলায়৷ এই ভুৱা প্ৰেমৰ অভিনয়ৰ জৰিয়তে যৌন নিৰ্যাতন চলোৱা যুৱকজনৰ বিৰুদ্ধে যোৱা ৭ জুলাইত হোজাইৰ মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী যুৱতী গৰাকীৰ পৰিয়ালে। আৰক্ষীয়ে ২৬৫/১৯ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ভুক্তভোগী কিশোৰী গৰাকীক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত চলায় । ইফালে আৰক্ষীৰ ওচৰ চপাৰ পিছত অন্তঃসত্তা নাবালিকাৰ পৰিয়ালক অভিযুক্তই বিভিন্ন প্ৰকাৰৰ ভয়-ভাবুকি প্ৰদান কৰি আহিছিল বুলি ভুক্তভোগীৰ পৰিয়ালে অভিযোগ কৰে। কিন্তু যোৱা নিশা আৰক্ষীয়ে মোৰাজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে এই জঘন্য কাণ্ডৰ অভিযুক্ত লম্পট চাহিজুল হোছেইনক। বৰ্তমান আৰক্ষীয়ে অভিযুক্তজনক জেৰা অব্যাহত ৰাখিছে।
- Log in to post comments
- 4 views