বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
দহ বছৰ পিছত ন্যায় পালে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ছমাৰকুছি গাৱঁৰ মঞ্জুৱাৰা বেগমে৷ যোৱা সোমবাৰে নলবাৰী সত্ৰ ন্যায়ধীশৰ আদালতৰ ন্যায়াধীশ শৰ্মিষ্ঠা ভূঞাই দিয়া এক ৰায়ত ৩০২/২০১ ধাৰা অনুযায়ী হত্যাকাণ্ডৰ মূল অভিযুক্ত মঞ্জুৱাৰাৰ স্বামীৰ বৌৱেক অঞ্জুৱাৰা বেগম আৰু ননন্দ হাচিনা বেগমক যাবজ্জীবন কাৰাদণ্ড দিয়াৰ লগতে দহ হেজাৰকৈ টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে আজিৰ পৰা ১৮ বছৰ পূৰ্বে ছমাৰকুছি গাঁৱৰ জীয়ৰী মঞ্জুৱাৰা বেগমক বিবাহ কৰাই আনিছিল চি আৰ পি এফৰ জোৱান ৰাজু আলীয়ে৷ ৰাজু আলিৰ ঘৰ ওচৰৰে লৰমা বটাকুছিত আছিল৷ ৰাজুৰ পিতৃ ডাক বিভাগৰ কৰ্মচাৰী। ফৰমুদ আলি ৰাজুৰ বিয়াৰ পিছতে পৰিয়ালসহ নলবাৰী চহৰৰ মালিকুছিত নিগাজিকৈ থাকিবলৈ লৈছিল। মঞ্জুৱাৰা বেগম আৰু ৰাজু আলীৰ আছিল ছয় বছৰীয়া এটি কন্যা সন্তানৰ লগতে চাৰি বছৰীয়া এটি পুত্ৰ সন্তান। বিবাহৰ পাছৰ পৰাই ৰাজুৰ পৰিয়ালে মঞ্জুৱাৰাক যৌতুকৰ বাবে প্ৰায়ে অত্যাচাৰ কৰি আহিছিল। মঞ্জুৱাৰাৰ স্বামী ৰাজু আলী কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ সময়তে ২০১০ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰহস্যজনক ভাৱে গৃহৰ ওচৰতে মঞ্জুৱাৰাৰ মৃতদেহ পুখুৰীৰ পাৰত উদ্ধাৰ হয়। এই মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছিল চাঞ্চল্যৰ। মঞ্জুৱাৰাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি মঞ্জুৱাৰাৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে স্বামীৰ পৰিয়ালৰ বাহন, সা-সম্পত্তি লণ্ড-ভণ্ড কৰাৰ লগতে আৰক্ষীৰ সম্মুখতে স্বামী গৃহৰ চোতালত কবৰস্থ কৰিছিল মহিলাগৰাকীৰ মৃতদেহ। ২০১০ চনত সংঘটিত সংঘটিত এই ঘটনাৰ বাবে যোৱা সোমবাৰে এক ৰায় যোগে মহিলাগৰাকীৰ স্বামী ৰাজু আলীক নিৰ্দোষী ঘোষণা কৰাৰ লগতে মঞ্জুৱাৰাৰ ননদ হাছিনা বেগম আৰু স্বামীৰ বৌয়েক অঞ্জুৱাৰা বেগমক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হেজাৰ টকাকৈ জৰিমনা বিহে ।
- Log in to post comments
- 107 views