কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়ৰ প্রতিবেদন :
এতিয়া ভৰ বাৰিষা ৷ চহা জীৱনৰ অতিকে গুৰুত্বপূৰ্ণ সময় ৷ ধৰাৰ উজ্জীৱিত বুকুত কঠিয়া ৰোৱাৰ সময় ৷ কৃষিৰ লগত জড়িত প্ৰতিটো পৰিয়ালৰ ডেকা, বুঢ়া সকলো ব্যস্ত পথাৰত ৷ পুৱা চৰাইৰ মাতত সাৰ পাই ঘৰৰ গিৰিহতে গোহালিৰ বলদ হাল উলিয়াই , কান্ধত পিৰালিৰ নাঙল-যুঁৱলি খিনি উঠাই লৈ পথাৰলৈ ওলাই যায় ৷ কিন্তু যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি ক্ৰমাৎ বিচ্ছিন্ন হ'ব ধৰিছে নাঙল-মাটি-মানুহৰ সম্পৰ্ক ৷ এতিয়া ভৰ বাৰিষাৰ বতৰতো পূৰ্বৰ দৰে খেতিপথাৰত দেখা পোৱা নাযায় গৰু, হাল, নাঙল, মৈ, যুৱলি আদিৰ দৰে কৃষকৰ অতি আদৰৰ কৃষিৰ আহিলাসমূহ ৷ এই পৰম্পৰাগত আহিলা বোৰৰ স্থান দখল কৰিছে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আদি বোৰে । আহাৰ মাহ পৰাৰ লগেই লগেই ডেকা-বুঢ়া সকলোৱে খেতিৰ বাবে ভাগে ভাগে যুদ্ধংদেহী মনোভাবেৰে পথাৰত নামি পৰে । বৰ্ষাই আশাৰ বন্যা বোৱাই অনাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পথাৰত এতিয়া ব্যস্ত ডেকা বুঢ়াকে আদি কৰি ৰোৱনি দাৱঁনি ।
বাক্সা জিলাৰ তামুলপুৰ, জামুগুৰি, লতিবাৰী, বৰমা আদিকে ধৰি সকলো অঞ্চলত কৃষক সকলক ব্যস্ত হোৱা দেখা গৈছে। পিছে আন পথাৰত সমূহতকৈ এতিয়াও কিছু ব্যতিক্ৰম হৈ আছে এই অঞ্চলৰ পথাৰ সমূহ । ট্ৰেক্টৰ পাৱাৰ টিলাৰৰ বিপৰীতে ইয়াৰ বহু অংশতে এতিয়াও দেখিবলৈ পোৱা যায় আদি কালৰ পৰা চলি অহা সেই নাঙল-মাটি-মানুহৰ অভিন্ন সম্পৰ্ক ৷ কৃষকৰ কণ্ঠৰ পৰা মনপৰশা সুৰত নিগৰি আহে 'ঘুৰ কজলা ঘুৰ' বুলি বলধ দুটালৈ দিয়া নিৰ্দেশ। ৰোৱনি দাৱনি বোৰেও ওলাই আহিছে বুকুত অযুত সপোন লৈ । বাৰিয়াৰ পানীৰে ভৰা পথাৰৰ বুকুত কঠিয়া ৰুই ভৱিষ্যতৰ সপোনবোৰ বাস্তৱ কৰিবলৈ ৷ অৱশ্যে তাৰ মাজতেই নাঙলখনৰ সলনি পথাৰ বোৰে লাহে লাহে দখল কৰি আহিছে টেক্টৰ, পাৱাৰটিলাৰে। হয়তো আৰু কিছু দিন পিছত বাক্সা জিলাৰ কোনো অঞ্চলতেই দেখা পোৱা নাযাব গৰু-নাঙল-যুৱলি। নাঙলতকৈ শক্তি অধিক বাবেই কৃষকে আকোৱালী লৈছে যান্ত্ৰিক সা সামগ্ৰিক৷
- Log in to post comments
- 102 views