বস্ত্ৰনগৰী শুৱালকুছিত সৌন্দৰ্য প্ৰতিযোগিতাৰ  আয়োজন 

swlkuci

 চন্দন শৰ্মাৰ বিশেষ প্ৰতিবেদন :

বস্ত্ৰনগৰী শুৱালকুছিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সৌন্দৰ্য প্ৰতিযোগিতা । অহা ১৪ জুলাইত ষ্টাৰ ক্ৰিয়েচনৰ উদ্যোগত স্থানীয় শ্ৰীমন্ত শংকৰ নাট্য ঘৰত   প্ৰতিযোগিতাখন  অনুষ্ঠিত হ'ব । উদ্যোক্তা সমিতিয়ে এক সংবাদমেলত জনোৱা অনুসৰি সৌন্দৰ্য প্ৰতিযোগিতাখন ৪ টা শাখাত অনুষ্ঠিত হ'ব । ক্ৰমে মিষ্টাৰ, মিছ, মিছেছ আৰু কিডছ শাখাত অংশগ্ৰহণকাৰী সকলক লৈ ১১, ১২ আৰু ১৩ জুলাইত বিশেষ প্ৰশিক্ষণৰ লগতে প্ৰাথমিক পৰ্যায়ৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । ১৪ জুলাইত অনুষ্ঠিত হবলগীয়া চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ শ্ৰেষ্ঠ ৩ গৰাকী প্ৰতিযোগিয়েয়ে বিশেষ পুৰস্কাৰ লাভ কৰাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ সুবিধা লাভ কৰিব । প্ৰতিযোগিতাৰ অতিথি হিচাপে অভিনেত্ৰী ফেইৰী প্ৰিয়া আহমেদ, মডেলাৰ কৰিশ্মা হাজৰিকা, চিনেমা পৰিচালক অতনু কাশ্যপ, ফেশ্বন ডিজাইনাৰ গীতু চেতিয়া আদি উপস্থিত থাকিব । উদ্যোক্তা সমিতিৰ অন্যতম কবিতা ভৰালী, কৰিঅ' গ্ৰাফাৰ প্ৰিয়াংশু শৰ্মা, ডিজাইনাৰ চুমি ডেকাই সংবাদমেলত উপস্থিত থাকি সৌন্দৰ্য প্ৰতিযোগিতাত আধুনিক আৰু মাৰ্জিত সাজপাৰ দুয়োটাৰে সমাহাৰ থাকিব বুলি সংবাদ মাধ্যমক জনায় । ইচ্ছুক প্ৰতিযোগিয়ে সবিশেষ জানিবৰ বাবে ৭০০২৫৭৬৩৩২ অথবা ৮৬৩৮২২৭৮৭২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিব দিয়ে উদ্যোগতা সমিতিয়ে।

Your Comments