বঙাইগাঁৱত ওৱেচিছ ষ্ট্ৰাষ্টৰ উদ্যোগত 'সমতা আৰু বৈষম্যহীনতা' শীৰ্ষক আলোচনা চক্ৰ

bgn

বঙাইগাঁওঃ

ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ আৰ্থিক সাহাৰ্যত আৰু গোৱালপাৰৰ ওৱেচিছ ট্ৰাষ্টৰ উদ্যোগত আজি বঙাইগাঁৱৰ চি কে হোটেলৰ সভাগৃহত 'সমতা আৰু বৈষম্যহীনতা' শীৰ্ষক বিষয়ৰ ওপৰত এখন ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। পঞ্জীয়নভূক্ত বেচৰকাৰী সংগঠন ওৱেচিছ ট্ৰাষ্টৰ সভাপতি আলহাজ কুৰবান আলী আকন্দৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰত ট্ৰাষ্টৰ সম্পাদক এটিএম ফাৰহাদ আলীয়ে আলোচনা চক্ৰখনৰ উদ্দেশ্য ব্যখ্যা কৰে। আনহাতে আলোচনা চক্ৰখন উদ্বোধন কৰে মুখ্য অতিথি অধ্যাপক আবু আলী কাচেমে ৷

আলোচনা চক্ৰখনত সমল ব্যক্তি অধ্যাপক দেৱান জয়নাল আবেদিনে ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৫ নং অনুচ্ছেদত অন্তৰ্ভূক্ত সমতা আৰু বৈষম্যহীনতাৰ অধিকাৰ সম্পৰ্কে বহলাই ব্যখ্যা আগবঢ়ায়। আলোচনা চক্ৰখনত আমিনুল ইছলাম মোল্লাইও সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিষয় বস্তুৰ ওপৰত বক্তব্য ৰাখে ৷ আলোচনা চক্ৰখনত সমাজকৰ্মী জ্যোতিৰ্ময় বৈশ্য, মহম্মদ ইছমাইল ষ্ট্ৰাষ্টৰ বিষয়ববীয়া আদিৰ লগতে কে'বাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আলোচনা চক্ৰখনত ভালেসংখ্যক যুৱক-যুৱতীয়ে  অংশগ্ৰহণ কৰাৰ লগতে শ্ৰোতা উপস্থিত থাকে ৷

Your Comments